পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চোৰ

প্ৰথম অধ্যায়

 ইন্দুমতীৰ বৰ নৰীয়া। তিনি মাহ তেওঁ শোৱাপাটিৰ পৰা উঠিব পৰা নাই। আজি নৰীয়া টান! গিৰিয়েক লোকেশ্বৰ বৰুৱা কাষতে বহি ৰাতি পৰ দি আছে। ৰাতি তিনি পৰ মান হৈছে, ইন্দুমতীয়ে গিৰিয়েকক পৰ দি নিচেই কাষলৈ মাতি আনি ক্ষীণ মাতেৰে কলে—“আজি তিনি মাহ মই শোৱাপাটিত পৰি নৰীয়া গাই কটাইছোঁ। ঘৰে ঘৰোৱাহ মানুহক কষ্ট দিছো। আপুনি মোৰ পৰা নথৈ দুখ পাইছে। লোকে তিৰোতাৰ পৰা সুখ পায়। আপুনি মোৰ পৰা সুখ-সম্পদ পাওক ছাৰি এদিন এসাজ ভাত সুখেৰে - ”

 লোকেশ্বৰ –“তোমাক এইবিলাক কথা কবলৈ কোনে মাতিছে। মনে মনে থাকা; কথা কলে নৰীয়া বাঢ়িব।”

 ইন্দুমতী -“নৰীয়া আৰু বাঢ়িবলৈ কি আছে! এতিয়া আৰু মই সিপুৰীলৈ ওলালো | মোৰ দুখৰ অন্ত হল, অপোনাৰো হল। চন্দ্ৰক মৰম-বেথা কৰিব। অপুনি যদি আকৌ বিয়া কৰায়, ('যদি' কিয়, বিয়া কৰাবই লাগিব, মোৰ পৰাতো আপোনাৰ সুখ নহল!) মাহীয়েকে যেন তাক দুখ নিদিয়ে।”

 এই কথাষাৰৰ অন্তত ইন্দুমতীৰ দুচকুৱে দুধাৰ লো বৈ গল,আৰু মাত বন্ধ হল।' লোকেশ্বৰ বৰুৱাইও চকুৰ লো টুকিবলৈ ধৰিলে। “কি আকৌ মই বিয়া কৰিম? হে পৰমেশ্বৰ। মই কি ইমান অধম হৈছোঁ এই জনমত ইন্দুক পাহৰি আকৌ এজনী তিৰোতা বিয়া কৰাই অনিম?