পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
সাধু-কথাৰ কুকি


 ঈশ্বৰ! মোক যেন এনে মতি নিদিয়া। মোৰ ইন্দুৰ যদি কোনো কথা হয় তেন্তে এই সংসাৰত মোৰ বাকী কেইটা দিন-ইন্দু! ইন্দু! তেনে কৰিছা কিয়? ইন্দু?”

 ইন্দুমতী – “কি কৈছে? চন্দ্ৰক মোৰ কাষলৈ এবাৰ আনি দিয়ক, মই চাই লওঁ। অ-সি শুই আছে হবলা, তুলিলেই কান্দিব, থাওক। শুনক মই আপোনাক কওঁ। আপুনি আকৌ বিয়া কৰাব। আপোনাৰ সুখেই হে মোৰ মনৰ বাঞ্ছা। বিয়া নকৰালে কি জানি আপোনাৰ দুখ হব। মই গলে আপোনাৰ আলপৈচান ধৰিব কোনে? আপোনাৰ সেৱা কৰিব কোনে?”

 লোকেশ্বৰ -- “নিশ্চয় নিশ্চয়, মোৰ পৰা তেনে কাম নহয়। চন্দ্ৰলৈ মই মাহীমাক নানো। তোমাৰ মৰম-চেনেহ সোপাকে পুৰি নেখালে মই তেনে কাম কৰিম কেনেকৈ? এই পৃথিবীত মোৰ এবাৰ হে বিয়া

 “ইন্দু! ইন্দু! ইন্দু! মোক এবাৰ চকু মেলি চোৱাঁ। ইন্দু! ইন্দু,

 ইন্দুমতী –“কি?”

 লোকেশ্বৰ – “চোৱাঁচোন চকু মেলি চোৱা।”

 লাহকৈ চকু মেলি, অতি ক্ষীণ মাতেৰে ইন্দুমতীয়ে কলে “স্বামী, আপোনাৰ ভৰিটো মোৰ মূৰত তুলি দিয়ক স্বা - মী –গু -ৰু-!”

 লোকেশ্বৰ –“ইন্দু। ইন্দু! ইন্দু! ইন্দু! হায়! মোৰ ইন্দুক হাততে হেৰুৱালো হবলা! ইন্দু! ইন্দু। ইন্দু।”

  *   *   *   *

 বন্তি নুমাল।