পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
সাধুকথাৰ কুকি


 মই--( ৰিঙ্গিয়াই ) দুৱাঁৰখন হেচা মাৰি দিলেই মেল খাব; ভিতৰৰ পৰাতো মই ডাং দিয়া নাই। মই মেলিবলৈ উঠি যাব নোৱাৰোঁ গলেই বাকী কেটা বস্তুও সৰকি পৰিব।

 লগুৱা-( বাহিৰৰ পৰা) দেউতা চাহ আনিছোঁ।

 মোৰ লগুৱা লৰাটোৰ মাত যেন শুনিলো। ভাবিলো ইনো স্বৰ্গ লৈ আহিল কেনেকৈ? মোৰ দুখ হয় বুলি কামে ইয়াকো আনি থৈ গলহি হবলা। ভালেই হল।

 লগুৱা -(বাহিৰৰ পৰা) দেউতা, চাহ আনিছোঁ, ভালেমান বেলি হল উঠক।

 মোৰ চকু দুটা চাঁট্‌ কৰে মেল খালে। সাৰ পালো। সাৰ পাই দেখিলো মোৰ সোঁ কাণখনৰ বিন্ধাত সোঁ হাতৰ কেয়া অঙ্গুলিটো সোমাই আছে; আৰু মই মোৰ সেই, চৰা-ঘৰতে শুই আছোঁ।