পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৮
সাধু-কথাৰ কুকি


 এইবিলাক যি হওঁক, অহঙ্কাৰেৰে সৈতে কোৱা উচিত, যে মোৰ উপৰিপুৰুষসকল নাম চাই মানুহ আছিল। লোকৰ ঘৰত সিন্ধি দিয়া বিদ্যাটো অমুকৰ ঘৰৰ লৰা সিন্ধিৰামৰ যেনে আছিল আনৰ তেনে নাছিল। পালী-প্ৰহৰীয়ে বেঢ়ি থকা ডাঙৰ লোকৰ ঘৰত সিন্ধি দিব লাগিলে মহাত্মা সিন্দিৰাম অধ্যাপক (professor ) নগলে নহৈছিল।
 ৰাতিৰাম দৈবিক শক্তিৰ লোক আছিল। অন্ততঃ তেওঁৰ চকু- জোৰ। শিয়াল আৰু ফেঁচাৰ নিচিনাকৈ তেওঁ এন্ধাৰতো বয়-বস্ত ফট্ ফট্ কৰে দেখিছিল। দিনতকৈ ৰাতিহে তেওঁৰ চলন ফুৰণ সৰ্ সৰীৰা হয়। পশুশ্ৰেষ্ঠ শিয়াল আৰু পক্ষীশ্ৰেষ্ঠ ফেঁচাৰ নিচিনাকৈ দিনটো তেওঁ জুপুকা মাৰি ঘৰৰ চুকত বহি কলমুটিয়াই কটায়, আৰু সন্ধ্যা লাগি আহিলেই গা-মূৰ জোকাৰি পাখি কটালি থিয় হয়। তেওঁৰ এই দৈবিক শক্তি দেখি তবধ মানি অতি সস্তুষ্ট হৈ প্ৰমত্তসিংহ ৰজাই তেওঁক হাতেভৰিয়ে পিন্ধিবলৈ, দুডাল লোৰ শিকলি ৰাজ প্ৰসাদ স্বৰূপে বঁটা দিয়ে। এই শিকলিৰ আঙঠি এটা মোৰ ঘৰত এতিয়াও আছে। মোৰ উপৰি পুৰুষৰ সোৱঁ- ৰণি স্বৰূপে তাক গোসাই ঘৰৰ টুপত থাপনা পাতি থৈ দিছোঁ বিহুৱে সবাহে উলিয়াই সেৱা কৰোঁ।
 এই পৃথিবীত পৰিশ্ৰমী আৰু অধ্যৱসায়ী মানুহৰ পক্ষে সৰু অৱ- স্থাৰ পৰা ডাঙৰ অৱস্থা পাবলৈ টান নহয়; বেঞ্জামিন ফ্ৰেঞ্চলিন ছাপাখানাৰ প্ৰিটাৰৰ অৱস্থাৰ পৰা এখোজ দুখোজকৈ নথৈ ডাঙৰ মানুহ হৈছিল বুলি শুনিছোঁ। নেপ'লিয়ন বোনাপাৰ্ট এটা সামান্য চপাহীৰ অৱস্থাৰ পৰা সম্ৰাট হৈছিল বুলি কয়। আমাৰ পূ্ৰ্ব্ব- পুৰুষ ৰাতি ৰামে নিজৰ অদম্য পৰিশ্ৰম আৰু অধ্যৱসায়ৰ গুণত বৰ ডাঙৰ মানুহ হৈ উঠিছিল। ইংৰাজীত যাক “চেল্ ফ্-মে'ড্ মেন” বোলে ৰাতিৰাম তাৰ উদাহৰণ। প্ৰথমতে তেওঁলোকৰ বাটিটো তাৰ পিছত ঘটিটো, তাৰ পিছত লোটাটো, তাৰ পিছত ছাগলিটো,