মনবৰ পণ্ডিতে ভৱলীলা সংবৰণ কৰাৰ পিছত এই পৃথিবীত তেওঁৰ
“ভৰিৰ খোজ, পাঁচোটি পুতেক আৰু এজনী জীয়েক ৰল। সিন্ধিৰাম,
ৰাতিৰাম, বাতিৰাম, কাতিৰাম, চুৱাৰাম আৰু কপাহী লাহে লাহে
ঈশ্বৰৰ ইচ্ছাত এই “লৰা পোৱালী” পাঁচোটি আৰু কণ্যাৰত্নফেৰি ডাঙৰ
দীঘল হৈ খুটি খাব পৰা হল। লোকে লৰা কেইটিৰ নাম দিলে
পাঁচ পাণ্ডৰ আৰু কপাহী বোলা ছোৱালীজনীৰ নাম দিলে জাম্বৱন্তী
কিন্তু কি সূত্ৰত আৰু কি মিল দেথি লোকে সিহঁতৰ নাম পাঁচ-
পাণ্ডৱ আৰু ছোৱালীজনীৰ নাম জাম্বৱতী ৰাখিছিল বুজিব পৰা
নগল। পাঁচ পাণ্ডৱ কত? আৰু পাচপাণ্ডৱৰ ভনীয়েক পাতি দিয়া
জাম্বৱতী কত? হোঃ হোঃ হোঃ হাঁহি উঠা কথা। ঋষি মুনি
নামৰ বুঢ়াসকলে হিন্দু শাস্ত্ৰত কয় বোলে, নাম মানুহেৰে সৈতে
মিলে। এই কথা নেমানি প্ৰচণ্ড প্ৰতিবাদ কৰি কবলগীয়া যে,
মানুহহে নামেৰে সৈতে মিলে। হিন্দুশাস্ত্ৰ ঠেলি এইষাৰ কথা
কোৱা বাবে তুমি লাগে যদি মোক খ্ৰীষ্টানকে বোলা, তাতে মান্তি
আছোঁ। সঁচা কথাষাৰ মই নকওঁ বুলিলেও মোৰ হাড় নাইকিয়া
জিভাই নকৈ নেৰে। তোমাক এটা কথা এই খিনিতে কৈ
থওঁ নেপাহৰিবা দেই,-টং কৰি চালে দেখি যে ঋষি মুনিসকলৰ
কথাবোৰৰ বৰ লাগবান্ধ নাই। তেওঁলোকৰ দিনৰ আমাৰ উপৰি-
পুৰুষসকলে যে তেওঁলোকৰ কথাত বৰ কাণ নেপাতিছিল, তাক
তেওঁলোকেও যে বুজিব নোৱাৰিছিল এনে নহয়! তাৰ প্ৰমাণ,
তেওঁলোকৰ কবলগীয়া কথাবোৰ আমাৰ উপৰিপুৰুষসকলৰ আগত
তেওঁলোকে কবৰ সাহ নকৰি, সাঁচিপাত, তালপাত আৰু ভূজ্য পাত
আগত কৈ গ'ল। সাঁচিপাত প্ৰভৃতিয়েও সেই বেবেৰিবাং কথাৰ
মৰ্ম বুজিব নোৱাৰি তাক উইপৰুৱাক বিলাই দিলে। আৰু তাৰ পিছত
সি উই-হাখলু। উই-হাফলুৰ পৰা বাল্মীকি, বাল্মীকিৰ পৰা ৰামায়ণ ।
এই গোপনীয় পৰমাৰ্থৰ কথাষাৰ এইখিনিতে তোমাক কৈ থলে।
পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৫৭
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৭
মিলাৰামৰ আত্মজীৱনী