পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৯
মিলাৰামৰ আত্মজীৱনী


গৰুটো, মহটো, গৰাকীৰ বিনানুমতিত আৰু অজ্ঞাতসাৰে ইফাল সিফাল কৰি সৰকাই, সেই মহাবিদ্যাত দিনকদিনে ওখ হৈ দ'লৰ কলচী ঢুকি পোৱা হৈছিলগৈ। আসোমৰ বুৰঞ্জী পুৰি খোৱা আপোন- পেটীয়া, “জলম বটা” কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাই, ৰজাৰ খাটনিয়াৰ হৈ মাটিত ভৰি নোথোৱা হলত, বৰগোহাঁই প্ৰভৃতি ৰাজ্যৰ প্ৰধান প্ৰধান লোকসকলে যেতিয়া ষড়যন্ত্ৰ কৰি এই কোট্ কোৰা কাঁইট উভালিবৰ থিৰ কৰিলে তেতিয়া সেই গুৰুতৰ কাৰ্যসিদ্ধিৰ নিমিত্তে, ডাঙৰীয়াসকলৰ কানি-খোৱা পিয়লাবাটি যেন ডাঙৰ ডাঙৰ চকু আমাৰ ৰাতিৰামৰ ওপৰত পৰিল। ৰাতিৰাম পিছ হুহকিবৰ পদাৰ্থ নহয়।১৬৮৫ শকত বৰবৰুৱা নগৰলৈ যাওঁতে এই ৰাতিৰামেই তেওঁক ভীমকলৰ গছত ঘৈৱাদি ঘৈয়ালে। অৱশ্যে কপালৰ বল বৰ বল। বৰবৰুৱা নমৰিল, মৰিল ৰাতিৰাম। ত'ত বিচাৰত কটা গল।
 ৰাতিৰ ভাই কাতিও কাতি হৈ পৰা বিধৰ লোক নাছিল। তেওঁ যথাসাধ্য আমাৰ বংশৰ নাম আৰু মান ৰাখিবলৈ ত্ৰুটী কৰা নাছিল। মোৱাঁমৰীয়াহঁতে লক্ষ্মীসিংহ স্বৰ্গদেৱক জয়সাগৰৰ দ’লত বন্দী কৰি থৈ, কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাক শালত দি, খোৰামৰাণৰ পুতেক ৰমাকান্তক ৰজা পতা কাৰ্য্যত, বাহুবলী কাতিৰামে মোৱাঁমৰীয়াৰ লগ লাগি সিহঁতৰ দলত বল দি, ৰজাৰ বিপক্ষে, সেনাপতি খোৰামৰাণ আৰু ৰামমৰাণৰ ঘৈণীয়েকহঁতে সৈতে সমানে সমানে যুজত বিক্ৰম দেখু- ৱাইছিল। এই কাতিৰামেই সেই দিনা, জয়সাগৰৰ দ’লত-লক্ষ্মী- সিংহ ৰজাৰ পিঠিতে চমটাৰে তিনি কোব মাৰি, চমটাৰ সোৱাদ কেনে বুজাই, লোকক নচমটিয়াবলৈ স্বৰ্গদেৱক চিৰকাললৈকে শিকনি দিছিল। আকৌ এই কাতিৰামেই কিছুদিনৰ পিছত ঘনশ্যামৰ ( পাছে বুঢ়াগোহাই) সৈতে ষড়যন্ত্ৰ কৰি, সেৱা কৰিবলৈ আহিছোঁ বুলি, দ্ৰোহী ৰমাকান্তৰ অন্ত কৰিলে। কবলৈ দুখ লাগে, অকৃতজ্ঞ ঘনশ্যাম


I