সঁচাৰ ভঙ্গা অস্ত্ৰ আৰু সিন্ধি খনা চিপৰাং লৈ, লাহে লাহে দিগ্বিজয় কৰি
আহি আসাম দেশ পায়। গুণীৰ গুণ বুজোতা ৰূদ্ৰসিংহ স্বৰ্গদেৱে তেওঁ
লোকক অভ্যৰ্থনা কৰি, যাউতী-যুগীয়াকৈ ৰাজবন্দীশালৰ সুন্দৰ খোটালি এটা
তেওঁলোকক দান কৰি, তেওঁলোকৰ পোহপালৰ ভাৰ নিজে গ্ৰহণ কৰিলে।
পোন্ধৰ বছৰৰ পিছত হয়বৰ বংশধৰ পুতেক হৰিবৰে, কনৌজৰ
পৰা বাপেকক বিচাৰি আহি, পানীয়ে বামে ছমাহ বাটকুৰি বাই ৰংপুৰ
পাই ওপৰত কোৱা ৰাজদত্ত বাহৰত পিতৃদেৱতাক দৰ্শন কৰি পিতৃৰ
শ্ৰীচৰণ-কমলত মাথা দোৱাঁলে। “দীৰ্ঘজীৱী হ” বুলি সকলোৱে শুনাকৈ
হয়বৰে আশীৰ্বাদ কৰাৰ পিছত, হৰিবৰে, পিতৃচৰণাৰবিন্দ সততে নয়ন
গোচৰ হব ভাবি, সেই নগৰতে বসতি কৰিলে। বছেৰেক যাওঁকে
নেজাওঁতেই হৰিবৰৰ যশস্যা সৌৰভ গুণগ্ৰাহী সৰ্গদেৱৰ নাক পালত
দয়ালু সৰ্গদেৱে দয়া প্ৰকাশ কৰি বাপ-পোৰ মাজত বিচ্ছেদ নঘটাকৈ, সেই
একে খোটালিতে তেওঁৰো থাকিৰ দিহা কৰি দিলে।
হৰিবৰৰ পুতেক বিখ্যাত মনুবৰ পণ্ডিতৰ নাম বুৰঞ্জীৰ পাতে পাতে
অনুসন্ধান কৰিলে পোৱা যায়। এওঁৰ বিদ্যাৰ সৌগন্ধই আসাম দেশ
মলমলাই অছিল। এওঁৰ এটা আচৰিত ক্ষমতা এই অছিল যে যাৰে তাৰে
চহি এওঁ হুবহু নকল কৰি দিব পাৰিছিল। ৰূদ্ৰসিংহশ্বৰ্গদেৱৰ পুতেক শিৱ-
সিংহ স্বৰ্গদেৱৰ ৰাজসভাত এওঁৰ এই বিচক্ষণ গুণৰ কথা গলা গপা হবলৈ
ধৰিলে আৰু দেশদেশান্তৰৰ পৰা মানুহ পণ্ডিতক চাবলৈ ভাগি আহা
দেখি সৰ্গদেৱে এই বিদ্যাৰত্নক অতি আগ্ৰহেৰে আহ্বান কৰি নি
সকলোৱে দেখি চকু জুৰাবলৈ, ছুটি ছুটি ঠেঙা পিন্ধাই সজাই-পৰাই ৰাজ-
আলিত ঠাই দিলে। আৰু অনভ্যাসত কেনেবাকৈ বিদ্যা হত হয় বুলি
আশঙ্কা কৰি, এওঁৰ হাত চৈ কৰি ৰাখিবৰ অভিপ্ৰায়ে বিদ্যানুৰাগী সৰ্গ-
দেৱে এওঁৰ হাতত হাতুৰী দি আলিত শিল ভাঙ্গিবলৈ লগাই দিছিল।
পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৫৬
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৬
সাধু-কথাৰ কুকি