এই কেইটা কাৰণৰ বাবে মোৰ জীৱন চৰিত মই নিজে লেখিলোঁ-
(১)মোৰ মিতিৰ বা কুটুম লেখত তিনিজন। পোন প্ৰথমতে ঘৈণীৰ
ফালৰ, তাৰ পিছত আইৰ ফালৰ, আৰু তাৰ পিছত সকলোৰে শেহত
বোপাইৰ ফালৰ। তিনিউজনৰ পৰা তিনি দিনৰ অন্তৰে অন্তৰে তিনিখন
তিনিপতীৰা সুকীয়া চিঠি পাইছোঁ তাৰ মৰ্ম্মটো এই; “আপুনি
যদি আপোনাৰ অতি বিচিত্ৰ জীৱন চৰিত্ৰ স্ব-হস্তে লেখি মানুহৰ কুশলৰ
অৰ্থে প্ৰকাশ কৰে, তেন্তে আপোনাৰ লেখা পঢ়িম।”
(২) মোৰ জীৱনৰ আৰ্হি লৈ বাট বুলি বহুতে মোৰ নিচিনা ডাং-
ডাং-ডাং-অৰ হব পাৰিব।
(৩) কলি-কলীয়া মানুহ যেনে অধৰমী, মোৰ জীৱনচৰিত্ৰ মই নিজেই
লেখি থৈ নগলে, কোনে নো ধৰ্ম্মক লক্ষ্য কৰি পাছে লেখিব দেও হেঁ?
(৪) পুণ্যবান মানুহৰ চৰিত্ৰ ভক্তি ভাৱে পাঠ কৰিলে “পুইণ” হয়।
আৰু কব দিয়া যদি, বেয়া নোপোৱাঁ যদি, ক'ব পাৰোঁ যে মোৰ এই
জীৱন-চৰিত কনা মানুহৰ বিত চকু, খোৰাৰ কঠুৱা ভৰি, কুঁজাৰ
পিঠিৰ থিয়াকিল, বহুৱাৰ খহুৰ দৰব, খৰীয়াৰ খজুৱতি, নখ-চুকীয়াৰ
বেতৰ বকটু, আৰু আঙুলী পানীয়ে খোৱাৰ তুলা আৰু পান-জেতুকা।
আসামত আমাৰ ঘৰ মানুহ, পাতকাই পৰ্বতৰ সমান পুৰণি, জয়-
সাগৰৰ দলটোৰ সমান ওখ, শিৱসাগৰ-পুখুৰীটোৰ সমান ডাঙৰ, আৰু
পপীয়াতৰাটোৰ সমান উজ্জ্বল?
আমাৰ উপৰি পুৰুষৰ নাম হয়বৰ । তেওঁ ১৬১৯ শকত কনৌজৰ পৰা,
পঁচজন তেওঁৰে নিচিনা সাধু পুৰুষেৰে সৈতে, মানুহ-নৰা টোকোনা, বাদুলী-
পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৫৫
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মিলাৰামৰ আত্মজীৱনী