পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৪
সাধু-কথাৰ কুকি

 ন ছোৱালী – (কঁপি কঁপি) আই মম—ইএ-এই ঘৰত শুব নোৱাৰোঁ। মো-মোৰ বৰ ভ-ভয় লাগিছে। সেই তেওঁ বলিয়া হৈয়েই নে কি, কিবা কিবিবোৰ দেখোন, অথনিৰে পৰা বলকিব লাগিছে। এবাৰ কটাৰী আনি নিজৰ ডিঙি কাটিবলৈ ধৰিছিল! আৰু মোক কিবা মিৰ্কনয়নী ডাৰ্লিং আৰু ভালেমান কিবা কিবি বুলি মাতিছিল!