পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৩
আমাৰ সংসাৰ

কোৱাঁ, আৰু এবাৰ কথা কৈ মোক তোমাৰ নিকিনা গোলাম কৰা। তোমাৰ মুখৰ একেষাৰ কথা শুনিবলৈ, হে প্ৰিয়ে, মই মোৰ এই প্ৰাণ, এই তুচ্ছ প্ৰাণ.... কান্দিছা নে কি? আহা! মোৰ প্ৰিয়াই এই প্ৰাণ দিব খোেজা শুনি বেজাৰত কান্দিছে! নহয় নে প্ৰিয়ে? মইনা কিয় কান্দিছা ? মোৰে মূৰটোকে খোৱা কোৱা ?
 ঘৈণীয়েক --মো-মোৰ দৰা-কইনাবোৰে সৈতে কাঠৰ সৰু পেৰাটো আনিবলৈ পাহৰি আহিলো দেখি।
 ডম্বৰু-কোনো চিন্তা নাই, Bonie darling dearie, কাইলৈ মই দৰাকইনাৰ পেৰা অনাই দিম। Rosaline, তুমি মোক love কৰা নে ? O my Juliet, তোমাক মই ইমান ভাল পাওঁ যে 1 can't express! হে কুণ্ডনন্দিনী, হে অশ্ৰুমতী, হে মৃণালিনী, হে শকুন্তলা, হে অফিলিয়া হৈ মিৰাণ্ডা, তুমি এবাৰ মুখেৰে কোৱা যে “ডম্বৰু I really ove you” – মৃগনয়নী তুমি আকৌ চকুৰ লো টুকিছা কিয়? তোমাৰ চকুৰপৰা ওলোৱা মুকুতাবোৰে মোক স্পকৈ কৈছে যে তুমি মোক নথৈ ভাল পোৱা। Is not it? নহয় নে ডাৰ্লিং? নহয় নে? নহয় নে?
 ঘৈণীয়েক- আমাৰ ঘৰত এৰি থৈ অহা মোৰ কণ কণ হাঁহপোৱালি কেইটালৈ মনত পৰি কান্দিছো? সিহঁতক কাইলৈ কোনে টোপ খুৱাব।
 [ ডম্বৰুৰ মাকে শোৱা-পাটীৰপৰা উঠি আহি বাহিৰৰপৰা মাত লগায়।]
 মাক- বৰ বোপা কি হৈছে? তহঁত এতিয়াও শোৱা নাই? কি হৈছে? কোনে কান্দিছে? ন ছোৱালীয়ে কান্দিছে নে কি? বোৱাৰী কি হৈছে?
 [ ন ছোৱালী গিৰীয়েকৰ কাষৰপৰা একে চাবেই উঠি আহি দুৱাৰ মেলি শাহুৱেকৰ কাষ পায়]