বুলি কৈ ককাক পোনাই দিলে।) “শুন গোজৰ। তোৰ দুখৰ
কথা শুনি মোক শোকে খুন্দা মাৰি ধৰিছে! অঃ! এই পৃথি-
বীত, ইমান দুখিত প্ৰাণী ও আছে! সকলো মোৰ প্ৰভুৰ লীলা!
বাৰু, একো কথা নাই, ঘৰ-পতা ককাই অচিৰে তোৰ ঘৰ পাতি
দিব। পৰৰ উপকাৰ (বাঘঃ-মোক পৰ বুলি নেভাবিব, আপোনাৰ
পো বুলি ভাবক।) অৱশ্যে মোৰ পো, মোৰ আপোন পোৰ উপকাৰ
কৰিবলৈকে মোৰ প্ৰভুৱে মোক অজিলেকে জীয়াই ৰাখিছে।
তই আজি যা , পবশুইলৈ এতেবেলি ভাৰ-ভটী লৈ মোৰ ইয়ালৈ
আহিবি, তোৰ নিশ্চয় ঘৰ পাতি দিম।”
ঘৰ-পতা ককাৰ এই সমিধান শুনি গোজৰ বৰুৱা আনন্দত গদ্ গদ্ হৈ চকু-লোৰে গা তিয়াই কৃতজ্ঞতা প্ৰকাশি ককাক সাষ্টাঙ্গে প্ৰণিপাত কৰি দীঘল দীঘল জাপ মাৰি আপোন ঘৰ-মূৱা হৈ গুচি গল।
পঞ্চম অধ্যায়
আজি গোজৰ বৰুৱা আহিবৰ দিন, ঘৰ-পতা ককাৰ মুখত পানী নাই, বুকু ঢিপিং ঢিপিং কৰিব লাগিছে; বুঢ়ী আইৰ ভাত-চৰুৰ তললৈ জাল যোৱা নাই। ককাই কি বাঘৰ ঘৰ পাতি দিব, উলটি আজি বাঘৰ হাতত তেওঁৰ পতং, এই ভাবি গঁয়া মানুহে ধন বিত মাটিত পুতি, লোটা-বাটি পুখুৰীত পেলাই, পিঠাগুড়িৰ টেকেলি আৰু গুড়ৰ টেকেলিৰ ভাৰ কান্ধত লৈ পলাই পত্ৰং দিলে। ককাই সাহত ভিৰ দি গৰু-ছালৰ ডাঙৰ মোট এটা সি, ইষ্ট মন্ত্ৰ জপি, গুৰু ঘৰলৈ সাতোলা সোণৰ এপাহ ফুল আগ কৰি, গোজৰ বৰুৱালৈ বাট চাই আগচোতালতে বহি আছে।
এনে সময়তে বৰুৱা গোজৰে এটা পহু আৰু এটা মহ পোৱালি প্ৰাণ কাতৰে চোচোৰাই আনি ককাৰ আগত থৈ দীঘল হৈ পৰি দণ্ডবৎ কৰিলে