পৃষ্ঠা:সাধু-কথাৰ কুকি.pdf/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৫
ঘৰ-পতা ককা


তৃতীয় অধ্যায়

 গোজৰ বৰুৱা বাঘ-‘’কৃষ্ণক চিন্তি কিন্তু ৰূপে ঘৰ-পতা ককা, আপুনি ভয় নেখাব; মই আপোনাৰ ওচৰলৈ এটা ডাঙৰ সকামত হে আহিছোঁ। মোৰ সৰুতে আই বোপাই মৰিল। মই মাউৰা লৰা! মোৰ কেওঁ-কিছু নাই। দুজন বাটৰুৱা ভকতৰ মুথে আপোনাৰ খা-খবৰ বই-বাতৰী ঠা-ঠিকনা শুনি অনেক পুৰুষাৰ্থ কৰি আপোনাৰ শ্ৰীচৰণ দৰ্শন কৰিবলৈ পাইছোঁহি। আপুনি সক- লোৰে ঘৰ পাতে, মই দুখীয়া নিমাখিত নিঃকিন প্ৰাণীৰো ঘৰখন পাতি দিয়ক, আশীৰ্ব্বাদ পাব। আপুনি মোৰ বোপাইৰ তুল্য : মোৰ আদবয়স হল, আগদাঁত এটাই কেইটা সৰিল, গুৰিদাঁতো এটা দুটাকৈ লৰিছে, চুলিও এডাল দুডালকৈ পকিছে, দিনৌ কাঢ়ি নথকাহেঁতেন, লোকৰ আগলৈ ওলাবলৈকে লাজ লাগিলহেঁতেন, তেও মোৰ, আজিলেকে গৃহবাস নহল। এই বিলাক অনেক কথা গপি-গাথি ভাবনা চিন্তাত দিনৌ কিন্তু মোৰ টোপনি নাহে, মূৰটো আচন্দ্ৰাইকৈ ঘূৰাই লৈ ফুৰায়, খোৱামেলাত ৰুচি নজন্মে। এতেকে আপোনাৰ অভয় চৰণত শৰণ পশি কিন্তু লাজ-কাজ কাটিকৈ থৈ কৈছোঁ, ঘৰ-পতা ককা, নিজৰ পো বুলি যেন নিঠৰুৱা দুখীয়া লৰাৰ ঘৰখন পাতি দিয়ে।


চতুৰ্থ অধ্যায়

 গোজৰ বৰুৱাৰ এই অবেদন শুনি আমাৰ ঘৰ-পতা ককাৰ ধাতুটি যি কেডাল চুলিৰ আগেদি বগাই গৈছিল সেই কেডাল চুলিয়েদিয়েই আকৌ চুচৰি নামি আহি সোমাল। গোজৰক সম্বো- ধন কৰি আমাৰ ককাই মেঘৰ গম্ভীৰ ধ্বনিৰে কবলৈ ধৰিলে- “শুন আমুকা,” (গোজৰে এই খিনিতে, মোৰ নাম ‘গোজৰ বৰুৱা’