ককা -“গোজৰ আহিলি? তোৰ গা ভাল? এই বোৰ কি পালি?”
গোজৰ – “ককাৰ আশীৰ্ব্বাদত সেৱকৰ প্ৰাণগতিক মঙ্গল। ককাৰ
ওচৰলৈ বন্দী শুদা হাতে কেতিয়াও নাহোঁ; এটি পহু পোৱালী আৰু এটি
মহ-পোৱালী যৎকিঞ্চিতৰূপে লৈ অহা হৈছে।”
ককা –“মহ-পোৱালী কেলেই? হিন্দু মানুহে জানো মহ খায়?”
“ককা সেইটো মই জানো। কিন্তু মনত খুকুৰি হল, ককা হেন্দু নে
মছলমান! সেই দেখি হেন্দু আৰু মুছলমানৰ মিলাই দুই বিধৰ দুটা
আনিছোঁ, ককাৰ ইচ্ছামতে লব।”
এই কথা শুনি ককাই একুৰি বাৰতা দাঁতৰ আলু উলিয়াই ঢেক্-
ঢেক্ কৈ হাঁহিবলৈ ধৰিলে।
ষষ্ঠ অধ্যায়
টেটোন ককাই ফাকতি কৰি গৰু-ছালৰ মোটত গোজৰক সুমাই মোটৰ
মুখখন আটি আটি বান্ধি লৈ, তাক বধি তাৰ পৰা ৰক্ষা পাবৰ মনেৰে,
ঢেকিঠোৰা লৈ যিমান পাৰে সিমান মোটৰ ওপৰত মৰিয়াবলৈ ধৰিলে।
গোজৰ--“ককা দুখ পাইছো, বৰকৈ নেমাৰিব।”
ককা - “ঘৰ পাতিবৰ দিহা হৈছে ৰ।”
গোজৰ -“ককা খুন্দাৰ তাপত মোৰ হাড় এটাই কেডাল গুড়ি
হবৰ উপক্ৰম।”
”
ককা--“ইয়াকেহে বোলে ঘৰ পতা।”
গোজৰ-“ককা, থাওক, আৰু মোৰ ঘৰ পাতিব নেলাগে, বৰলা
হৈয়েই থকাটো ভাল যেন দেখিছোঁ এতিয়া।”