পৃষ্ঠা:সাত্বত তন্ত্ৰ.djvu/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
সাত্বত তন্ত্ৰ।


তথাপিতো তযু সেৱা লাভ হৌক মোৰ।
শ্ৰৱণ কীৰ্ত্তনে যাৰ তৰয় দোৰ্ঘোৰ॥
হেনমতে তুতি মই কৰিয়া আছন্তে।
কৃপায়ে দিলন্ত দেখা প্ৰভু ভগৱন্তে॥ ৩৪১॥
ইন্দ্ৰ নীল মণি যেন শৰীৰৰ কান্তি।
ঠাৱে ঠাৱে জ্বলে স্বৰ্ণ অলঙ্কাৰ পান্তি॥
মুকুট কুণ্ডল হাৰ তাৰ যে কেয়ূৰ।
মঞ্জিৰ পিঙ্গট বস্ত্ৰ লম্বি মনোহৰ॥ ৩৪২॥
হেন ৰূপ দেখি কৃষ্ণ পদ হৃদয়ত।
ধৰিবাক দিলোঁ অতি প্ৰেমে হুয়া মত॥
কৃষ্ণ ৰাম দামোদৰ গোপাল গোবিন্দ।
হেনয় বোলন্তে ভৈল বাক্য গদ গদ॥ ৩৪৩॥
নেত্ৰৰ লোতক জলে আনন্দ হৃদয়।
হেন দেখি মোক বুলিলন্ত কৃপাময়॥
বোলম্ভ শুনিয়ো হেৰা দেৱ মহেশ্বৰ।
তোমাৰ বাঞ্ছিত মই জানো নিৰন্তৰ॥ ৩৪৪॥
লোক নষ্ট গৈল দেখি আসিলা সত্বৰ।
কৃপায়ে উপায় দিবোঁ আৰ কিছু বৰ॥
মোৰ লীলা চৰিত্ৰক কৰিয়ো বিস্তাৰ।
কহিয়ো নাহিকে যাতপৰে ধৰ্ম্ম আৰ॥ ৩৪৫॥
তোমাৰ মুখত শুনি মোৰ লীলা কথা।
অৱশ্যে হৈবেক লোক বৈষ্ণৱ সৰ্ব্বথা॥