পৃষ্ঠা:সাত্বত তন্ত্ৰ.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ৬ ]

প্ৰমাণ স্বৰূপে ভাগবতামৃত প্ৰভৃতি গ্ৰন্থত উদ্ধৃত কৰিছে। কামৰূপী বৈষ্ণৱ সমাজতো যে ই অতিশয় প্ৰৱল আছিল তাক সাত্ত্বত তন্ত্ৰৰ এই অনুবাদৰ পৰাই কব পাৰি। কামৰূপী বৈষ্ণৱ সমাজত সাত্ত্বত তন্ত্ৰৰ কেৱল পদেই নহয়, কথাও ( গদ্য ) এখনো আছে; আৰু মূল সংস্কৃত পুথিও আমাৰ দেশত প্ৰচলিত আছে।

 তন্‌ বিস্তাৰে, তন্‌ ধাতুৰ পৰা তন্ত্ৰ শব্দ ওলালেও তন্ত্ৰ শব্দৰ অৰ্থ সিদ্ধান্ত।

তন্ত্ৰ

সকলো সাত্ত্বত সিদ্ধান্ত এই গ্ৰন্থত থকাৰ নিমিত্তে এই সাত্ত্বত শাস্ত্ৰ সাত্বত তন্ত্ৰ নামে অভিহিত হৈছে।

 

 এই পুথিত সকলো সাত্ত্বত সিদ্ধান্ত সংক্ষেপে কোৱা আছে। সৃষ্টি তত্ত্বৰে পৰা আৰম্ভ কৰি গুৰুকৰণ, শৰণ গ্ৰহণ,

সাত্ত্বত তন্ত্ৰৰ
বিষয় বস্তু।

বৈৰাগ্য, অংশ, কলা প্ৰভৃতি অৱতাৰ, ভগবানৰ লক্ষণ, শ্ৰী, যশ, ঐশ্বৰ্য্য প্ৰভৃতিৰ বৰ্ণনা, নামৰ আহিলা, সহস্ৰ নাম প্ৰভৃতি সকলো কথাই প্ৰায় আছে। মাজে মাজে দুই চাৰি তলত তুলি দিলোঁ।

 

 ভগবান শ্ৰীকৃষ্ণই যে নিৰ্বিকল্প পৰমাত্মা সেই সম্বন্ধে লিখিছে—

“নিৰ্বিকল্প কৃষ্ণ পৰমাত্মা এক।”

 তেৱেঁই যে অংশ কলা ভেদে নানা অৱতাৰ ধৰিছে সেই সম্বন্ধে নাৰদৰ প্ৰশ্ন কথা—

“কোন অংশ কলাভেদ কহিয়ে

 পূৰ্ণ, অংশ, কলা আদিৰ কথা তলত তুলি দিলোঁ।

ধৰ্মজ্ঞান ঐশ্বৰ্য্য বৈৰাগ্য যি যশ।
সবে জাত দেখি পূৰ্ণ জানিবা অবশ্য॥
চতুৰ্থ ভাগক আবে অংশ বুলি কয়।
ষোড়শ ভাগক কলা জানিবা নিশ্চয়॥
শতেক ভাগকে জানা বিভূতি বোলয়।