পৃষ্ঠা:সাত্বত তন্ত্ৰ.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৫ ]

 সাত্ত্বত ৰজাই নাৰদৰ উপদেশ অনুসাৰে বাসুদেৱ অৰ্চনা মূলক সাত্ত্বত শাস্ত্ৰ ৰচনা কৰাৰ দৰে পৰবৰ্তী কালত মহামুনি ব্যাসদেৱে বিস্তৰ শাস্ত্ৰ ৰচনা কৰিও চিত্তপ্ৰসাদ লাভ কৰিব নোৱাৰাত নাৰদৰ উপদেশ অনুসাৰে ভগবানৰ ভক্তিমূলক ভাগৱৎ শাস্ত্ৰ ৰচনা কৰে। ভাগৱত শাস্ত্ৰৰে৷ এটা নাম সাত্ত্বত সংহিতা। যথা—

তত্ৰৈব ভগবান্ ব্যাসঃ কৃত্বা সাত্ত্বত সংহিতাম্।
দ্বাদশঙ্কন্ধমেতাং হি শুকমধ্যাপয়ন্মুনিম্॥

 গতিকে আমি পূৰ্ব্বত কোৱা অৰ্থ, অৰ্থাৎ সান্ত্বত ভগবান বিষ্ণুৰ উপাসনামূলক বিষ্ণুভক্তসকলৰ দ্বাৰা আচৰিত ধৰ্মই যে সাত্ত্বত ধৰ্ম, তাত কোনো সন্দেহ নাই।

 সাত্ত্বত শাস্ত্ৰ অনুসাৰে ভগবানৰ অংশ, কলা, বিভূতি আদি ভেদে অবতাৰ অসংখ্য। সাত্ত্বত শাস্ত্ৰ অনুসাৰে ভগবানৰ সকলো অবতাৰ নিত্য।

 চাৰি বেদ, অষ্টাদশ পুৰাণ, চৌষষ্ঠিখন তন্ত্ৰ, সাতখন পঞ্চৰাত্ৰ, তিনিখন যামল ইত্যাদিৰ যেনেকুৱা নিৰ্দিষ্ট নামে সৈতে পুৰাণত শ্লোক আদি পোৱা যায়, সাত্ত্বত শাস্ত্ৰ সম্বন্ধে এনেকুৱা কোনো বচন প্ৰমাণ এই পৰিমিত আমি পোৱা নাই। কিন্তু সাত্ত্বত শাস্ত্ৰ যে বিপুল এই কথাটো অনেক স্থানত আছে৷ শ্ৰীমদ্ভাগবত পুৰাণকো সাত্ত্বত সংহিতা বোলে বুলি আগেয়ে কোৱা হৈছে। এনেকৈ আন কোনো বৈষ্ণৱ পুৰাণ বা পঞ্চৰাত্ৰ শাস্ত্ৰাদি সাত্ত্বত তন্ত্ৰৰ অন্তৰ্গত হব পাৰে, সেই কথা আমি ডাঠি কব নোৱাৰোঁ। তথাপি এই পৰিমিত দাক্ষিণাত্যৰ পৰা ১২৮ খন সাত্ত্বত শাস্ত্ৰৰ নাম পোৱা গৈছে। আলোচ্য সাত্ত্বত তন্ত্ৰও সেই সাত্ত্বত শাস্ত্ৰবিলাকৰ অন্তৰ্গত।

 সাত্ত্বত তন্ত্ৰ ভাগৱত বা বৈষ্ণৱ ধৰ্মৰ অতি প্ৰামাণিক গ্ৰন্থ। গৌড়ীয় বৈষ্ণবাচাৰ্য্য শ্ৰীশ্ৰীমদ্ ৰূপস্বামী পাদ প্ৰভৃতি মহাপুৰুষসকলে সাত্ত্বত তন্ত্ৰৰ শ্লোক