পৃষ্ঠা:সাত্বত তন্ত্ৰ.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ৭ ]

 ধৰ্মজ্ঞান প্ৰভৃতিৰ অৰ্থ,—

আবে ধৰ্মজ্ঞানাদিৰ শুনিয়ো নিৰ্ণয়।
উৎপত্তি প্ৰলয় বিদ্যা অবিদ্যা অগতি।
গতি সমে আবে জ্ঞান ষড়বিধ সম্প্ৰতি॥

 চাৰিবিধ ধৰ্ম :—

চাৰিবিধ ধৰ্ম সত্য, শৌচ, মৌন[১], দয়া।

 চাৰিবিধ বৈৰাগ্য :—

যতমান[২], ব্যাতিৰেক[৩], এক ইন্দ্ৰিয় নাম[৪]
বশীকৃত[৫] সমে চাৰিবিধ অনুপাম॥

 শ্ৰী কাক বোলে সেই সম্বন্ধে কৈছে—

শ্ৰী বুলি ভৃত্য পুত্ৰ পৌত্ৰ সুহৃদক।
অমাত্য বান্ধব ভাৰ্য্যা বস্তু ভূষণক॥
ইত্যাদিক শ্ৰী বুলি কৈলোঁ বিদ্যমান॥

 অংশ, কলা, বিভূতি প্ৰভৃতিৰ সামান্য লক্ষণ—

অংশৰ প্ৰকাশ যাতে সেহি অংশ হয়।
কলাৰ প্ৰকাশ যাতে সেহি কলা হয়॥
বিভূতিৰ প্ৰকাশক বিভূতি বোলয়।
এহি মতে ভেদ পুনু স্বতসে নোহয়॥

 শ্ৰীকৃষ্ণই যে সকলো অৱতাৰৰ মূল সৰ্বাবতাৰী সেই সম্বন্ধে—

অৱতাৰী স্বৰূপৰ কহিয়ো নিৰ্ণয়।

*  *  *  *


  1. কোনো কোনোৰ মতে ক্ষমা।
  2. যত্ন কৰি লাভ কৰা বৈৰাগ্য।
  3. ব্যাতিৰেক বৈৰাগ্য—কোনো ঘটনা অবলম্বন কৰি হোৱা বৈৰাগ্য।
  4. এক ইন্দ্ৰিয় নাম—জননেন্দ্ৰিয় জয় কৰা।
  5. বশীকৃত—সকলো ইন্দ্ৰিয় জয়।