পৃষ্ঠা:সাত্বত তন্ত্ৰ.djvu/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
সাত্বত তন্ত্ৰ।


এৰিবে গ্ৰাম্যত ৰতি; দৈবে যিবা মিলে।
ঈশ্বৰৰ ইচ্ছা মানি ভুঞ্জিবে সকলে॥ ৩১৪॥
আতি যত্ন নকৰিব সুখৰ কাৰণে।
তাতে তুষ্ট হুইব যিবা দেন্ত নাৰায়ণে॥
যদি গৃহে ভকতিক বাধা নকৰয়।
অতিথি স্বৰূপে তাত থাকিব নিশ্চয়॥ ৩১৫॥
যিটো গৃহে ভক্তি বাধা কৰে অতিশয়।
পৃথকে থাকিয়া কৃষ্ণ সেৱিব সদায়॥
বৈষ্ণৱৰ সঙ্গে কৰিবেক ৰঙ্গ মন।
তেবেসে কৃষ্ণৰ ভক্তি হৈবেক বৰ্দ্ধন॥ ৩১৬॥
ব্ৰহ্মচাৰী গৃহী বানপ্ৰস্থী সন্ন্যাসৰ।
সাধু সঙ্গ বিনে শুদ্ধি নাহি নিৰন্তৰ॥
ভক্ত সঙ্গ বিনে ভক্তি নাহি কদাচিত।
ভক্তি বিনে জ্ঞান বৈৰাগ্যৰ নাহি স্থিত॥ ৩১৭॥
এতেকে আশ্ৰম-লিঙ্গ এৰি ভক্ত জনে।
ভক্তজন সঙ্গে থাকিবেক ৰঙ্গ মনে॥
স্বৰ্গ ব্ৰহ্মপদ মোক্ষ সুখ আদি কৰি।
সৎ সঙ্গৰ নিমিষ মাত্ৰকো নুহি সৰি॥ ৩১৮॥
জ্ঞান বৈৰাগ্যাদি একো নকৰি যতন।
অৱশ্যে কৃষ্ণক পাইব কৈলোঁ বিদ্যমান॥
তাসম্বাৰ সঙ্গে শুনি কৃষ্ণ কথামৃত।
এৰিব পাৰে যদি ৰসে মজে চিত্ত॥ ৩১৯॥