পৃষ্ঠা:সাত্বত তন্ত্ৰ.djvu/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
সাত্বত তন্ত্ৰ।


যাৰ এক নাম লৈয়া মহাপাপী চয়।
সংসাৰ তৰিয়া পৰম্পদক পাৱয়॥
ধৰ্ম্ম অৰ্থ কাম মোক্ষ চাৰি পদাৰ্থৰ।
প্ৰাপ্তিৰ কাৰণ যাৰ সেৱা মনোহৰ॥ ৩০৯॥
হেন কৃপাসিন্ধু কৃষ্ণ বিনে কোন আন।
অধিক দেৱতা আছে কহিলোঁ প্ৰমাণ॥
অলপ ভজনক যিটো প্ৰভু নাৰায়ণ।
বিস্তৰ কৰিয়া মানি হোন্ত সুপ্ৰসন্ন॥ ৩১০॥
যেন তেন মতে যাক ভজিল মাত্ৰতে।
বাঞ্ছিত মোক্ষক লভিবেক অব্যাহতে॥
দৈৱকী দেৱীৰ পুত্ৰ বিনে কোন আন।
অধিক দেৱতা আছে দেখা বিদ্যমান॥ ৩১১॥
জগত তাৰিতে লাগি যিটে৷ অৱতৰি।
নিজ যশৰাশি থৈলা জগতকে ভৰি॥
এতেকেসে অন্য পূজা আদি যত যত।
ঋষিৰ বিধান সবে এৰিয়া সমস্ত॥ ৩১২॥
সন্ত গুৰু উপদেশ ধৰিয়া মনত।
কেৱলে ভজিবে কৃষ্ণ চৰণ পদ্মত॥
পৰম মঙ্গল যশ কৰিব শ্ৰৱণ।
মুখে কৃষ্ণ নাম গুণ কৰিব কীৰ্ত্তন॥ ৩১৩॥
মনে তাক স্মৰিবেক কৰিয়া সাদৰ।
বৈষ্ণৱত প্ৰীতি কৰিবেক নিৰন্তৰ॥