পৃষ্ঠা:সাত্বত তন্ত্ৰ.djvu/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
সাত্বত তন্ত্ৰ।


ৰসকো নজানে যদি থাকয় সঙ্গত।
তথাপিতো মুক্ত হোৱে কৰ্ম্ম বন্ধনত॥
সৎসঙ্গত সন্তৰ ধৰ্ম্মত যিটো জনে।
বঢ়াইলেক ৰতি যেবে পৰম যতনে॥ ৩২০॥
তাহাৰ মহিমা মই কি কৈবোঁ সম্প্ৰতি।
অৱশ্যে কৃষ্ণৰ পাৱে লভিব ভকতি॥
ভক্তি পাইলে আউৰ কিবা পাইবাক লাগয়।
মুকুতি সুখকো সিটো বাঞ্ছা নকৰয়॥ ৩২১॥
কৃষ্ণে দেন্তো সালোক্যাদি পদে নাই ইচ্ছা॥
প্ৰাকৃত্য সুখকো মনে দেখে সবে মিছা॥
নিঃকিঞ্চন ভক্ত সবে যি সুখ লভয়।
তেসম্বেসে জানে জানি আনন্দে মজয়॥ ৩২২॥
আনে কদাচিতো তাক মনেও নজানে;
তাসম্বাৰ লক্ষণ শুনিও বিদ্যমানে॥
যাতো তাসম্বাৰ সদা হৃদয় মধ্যত।
আপুনি থাকন্ত হৰি যেহেন লিখিত॥ ৩২৩॥
যাতো প্ৰেম লতা জালে আছে বন্দী হুয়া।
এতেকে নেৰন্ত প্ৰাণকৃষ্ণে তান হিয়া॥
মহাপুৰুষাৰ্থ জানা সঙ্গতি সন্তৰ।
অষ্টম পটল সাঙ্গ সাত্বত তন্ত্ৰৰ॥ ৩২৪॥