পৃষ্ঠা:সাত্বত তন্ত্ৰ.djvu/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাত্বত তন্ত্ৰ।
৬৮

তযু কৃপাগুণে  লোক নাৰায়ণ
 চৰণে চপাই ধৰা।
যিমত লাগয়  ভকতিৰ শিক্ষা
 আপুনি দিয়া নিস্তাৰা॥
মোৰ মন ইন্দ্ৰি  বুদ্ধি আদি কৰি
 সকলে মহা অনিষ্ট।
ইহাৰ সঙ্গত  মহা দুখ পাওঁ
 আক জানা তুমি নিষ্ট॥ ২৮৩॥
তযু ভক্ত সঙ্গ  মোৰ নুগুচোক
 মুখে নছাড়োক নাম।
সামাজিক লোক  বোলা এহি হোক
 ডাকি বোলা ৰাম ৰাম॥

পদ।

[১]শঙ্কৰ বদতি কহোঁ শুনা মুনিবৰ।
মুখ্য তিনিবিধ অপৰাধ ভকতৰ॥ ২৮৪॥
একবিধ ভকতৰ সৰ্ব্বস্ব হৰণ।
উত্তম ভক্তক যিটো কৰয় ভৎৰ্সন॥

  1. পাঠান্তৰ—শিৱ নিগদতি মুনি শুনিয়ো সাদৰে।
    মুখ্য তিনবিধ অপৰাধ ভকতৰে॥