পৃষ্ঠা:সাত্বত তন্ত্ৰ.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
সাত্বত তন্ত্ৰ।

লোককো আমাকো  কৃপাক কৰিয়া
  আৰু পৰিচ্ছেদ দিয়া॥ ২৮০॥
শুনা সৰ্ব্বলোক   আবে কেন হোক
 বাজিল মহাসঙ্কট।
যতেক অপায়  সকল গুচিল
 কেৱলে নাম প্ৰকট॥
আৰু ভকতৰ  সঙ্গ এই দুই
 ভাৰসা মাত্ৰ আমাৰ।
আতো ভৈল বাধ  নাম অপৰাধ
 আৰ ভক্ত অপকাৰ॥ ২৮১॥
যেন মতে দুইৰো  অপৰাধ এৰি
 কৰিবো হৰি ভকতি।
ইহাকেসে লাগি  যত্ন কৰিয়োক
 শাস্ত্ৰৰ হেন যুগুতি॥[১]
হে কৃষ্ণ দেৱ  তযু পাৱে সেৱ
 কৰিয়া কাতৰ কৰোঁ।
তোমাৰ চৰণ  কমল বিমুখ
  হুয়া সংসাৰত মৰোঁ॥ ২৮২॥

  1. পাঠান্তৰ—ইহাক জানিয়া, সন্তক মানিয়া, মুখত নেৰিবা নাম।
    ভাগৱত মিশ্ৰে, কহে যত্ন কৰি, ডাকি বোলা ৰাম ৰাম॥