পৃষ্ঠা:সাত্বত তন্ত্ৰ.djvu/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
সাত্বত তন্ত্ৰ।


সামান্য ভক্তৰ গাৱে কৰয় প্ৰহাৰ।
শুনিয়ে৷ সবাৰে প্ৰায়শ্চিত্ত প্ৰতিকাৰ॥ ২৮৫॥
জ্ঞানে বা অজ্ঞানে [১] যদি ভকতৰ ধন।
নেই পাছে কৰে যদি কুশলক মন॥
দুই গুণ কৰি আনি সবে ধন দিব।
চৰণত ধৰি আতি বিনতি কৰিব॥ ২৮৬॥
বুলিবেক তযু ধন নিলোঁ মই পাপ।
অপৰাধ ক্ষমা কৰি ৰাখা মোক বাপ॥
যিবা যতকাল ভকতক গালি পাৰে।
ততকাল মানে সিটো হুয়া নিৰ্ম্মৎসৰে॥ ২৮৭॥
পৰিচৰ্য্যা কৰিয়া থাকিব সমুদাই।
তাহান সন্তোষ ভৈলে পাতক এৰাই॥
ভক্তৰ গাৱত যদি প্ৰহাৰ কৰয়।
যাৱে জীয়ে মানে সেৱা কৰিব নিশ্চয়॥ ২৮৮॥
ভকতৰ প্ৰসাদেসে পাপ দূৰ হয়।
অন্যথ৷ প্ৰকাৰে পাপ জানা নুগুচয়॥
প্ৰায়শ্চিত্ত নকৰিয়া থাকে যিটো জন।
কদাচিতো নাহি নৰকৰ নিবৰ্ত্তন॥ ২৮৯॥
অজ্ঞানতো অপৰাধ কৰে যিটো জন।
ভকত প্ৰসন্ন ভৈলে হোৱে নিবৰ্ত্তন॥

  1. পাঠান্তৰ—‘অজ্ঞান প্ৰমাদে’