পৃষ্ঠা:সাত্বত তন্ত্ৰ.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সাত্বত তন্ত্ৰৰ ভূমিকা।

[ পণ্ডিত প্ৰৱৰ শ্ৰীলশ্ৰীযুক্ত প্ৰতাপচন্দ্ৰ দেৱ অধিকাৰ
গোস্বামী, বিদ্যাবিশাৰদ ধৰ্ম্মভূষণ কৰ্তৃক লিখিত ]

 সাত্ত্বত শব্দৰ অৰ্থ বিষ্ণু আৰু বিষ্ণুভক্ত। যি ধৰ্ম আলোচনাপূৰ্বক বিষ্ণুভক্তসকলে কাম্য কৰ্মাদি পৰিহাৰ কৰি দাস্য সখ্যাদি ৰতি অবলম্বনক্ৰমে শ্ৰৱণ, কীৰ্তন, স্মৰণ, বন্দন প্ৰভৃতি নববিধ ভক্তিৰ দ্বাৰাই ভগবানক আৰাধনা কৰে, সেই ধৰ্মৰ নাম সাত্ত্বত ধৰ্ম।

 অতি প্ৰাচীন কালত ভগবান নাৰদৰ উপদেশ অনুসাৰে যদুবংশীয় অংশুৰ পুত্ৰ মহাধনুৰ্ধৰ মহাপ্ৰতাপী দান-পুণ্যশীল সাত্ত্বত ৰজাই দেবাৰ্চনপূৰ্বক এখন মহাশাস্ত্ৰ ৰচনা কৰে। কুন্ত-গোল প্ৰভৃতিৰ হিতাবহ সেই শাস্ত্ৰ প্ৰথমে কুম্ভ-গোল জাতিয়ে শ্ৰৱণ কৰে—অৰ্থাৎ এই শাস্ত্ৰোক্ত ধৰ্ম অৱলম্বন কৰে। সেই শাস্ত্ৰই তেওঁৰ নাম অনুসাৰে সাত্ত্বত শাস্ত্ৰ বুলি জনাজাত হয়।

স নাৰদশ্য বচনাদ্বাসুদেবাৰ্চনান্বিতঃ।
শাস্ত্ৰং প্ৰবৰ্তয়ামাস কুন্ত-গোলাদিভিঃ শ্ৰুতম্॥
তথ্য নায়াতু বিখ্যাতং সাত্ত্বত নাম শোভনম্।
প্ৰবৰ্ততে মহাশাস্ত্ৰং কুন্তাদিনাং হিতাবহম্॥ ( কূৰ্ম পুৰাণ )

 সাত্ত্বত নাম হোৱাৰ ইও এটা কাৰণ। লোকমান্য তিলকে তেওঁৰ গীতা ৰহস্যত লিখিছে শ্ৰীকৃষ্ণ যদুবংশৰ যিটো শাখাত জন্মলাভ কৰিছিল সেই শাখাটোৰ নাম সাত্ত্বত আছিল। সেই নিমিত্তে শ্ৰীকৃষ্ণৰ কথিত ধৰ্মৰ নাম সাত্ত্বত ধৰ্ম। সাত্ত্বত বা যদুবংশী লোকসকলে প্ৰথমে এই ধৰ্ম গ্ৰহণ কৰিছিল।সেই কাৰণেও সাত্ত্বত নাম হব পাৰে। সাত্ত্বত শাস্ত্ৰৰ প্ৰবৰ্তক মহাৰাজসাত্ত্বতৰ পৰাই যদুবংশৰ ভোজ, অন্ধক, বৃষ্ণি আৰু সাত্ত্বত প্ৰভৃতি শাখা হৈছে।