পৃষ্ঠা:সাত্বত তন্ত্ৰ.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
সাত্বত তন্ত্ৰ


বশীকৃত বৈৰাগ্য চতুৰ্থ এহি কয়।
নাম পৰায়ণৰ চাৰিয়ো শীঘ্ৰে হয়॥ ২৪৯॥
পৰম বিশুদ্ধ জ্ঞান মিলয় তাহাৰ।
নাম পৰায়ণৰ কি কৈবোঁ গুণ আৰ॥
তীৰ্থ জপ দান তপ হোম জ্ঞান ব্ৰত।
যোগ আদি বিবিধ সাধন আছে যত॥ ২৫০॥
সবে আচৰিও নযাই বিষ্ণুৰ পদক।
নামৰ কীৰ্ত্তন মাত্ৰে চলে বৈকুণ্ঠক॥
মহা পাতকীও যদি কীৰ্ত্তন কৰয়।
বোলোঁ সত্যে সত্যে তৰৈ নাহিকে সংশয়॥ ২৫১॥
কলিকাল মল আৰু যতেক আছয়।
সবে তেজি নাম লৈয়া বৈকুণ্ঠে চলয়।
এতেকেসে এক নামে তৰয় সংসাৰ।
অনুমাত্ৰো সংশয় নকৰা তুমি আৰ॥ ২৫২॥
কিন্তু যদি নাম অপৰাধক নাচৰে।
তেবে সত্যে কৈলোঁ এক নামেতে নিস্তৰে॥
যিটোজনে কুশলক বাঞ্ছৈ আপোনাৰ।
দশ অপৰাধ যত্নে এৰিব নামৰ॥ ২৫৩॥
হেন শুনি নাৰদে পুছন্ত ৰঙ্গ মন।
বোলন্ত শুনিয়ো দেৱ-দেৱ ত্ৰিনয়ন॥
শুনিলোঁহোঁ ইটো কথা তোমাৰ মুখত।
বত্ৰিশ যে অপৰাধ হৰি পূজনত॥ ২৫৪॥