পৃষ্ঠা:সাত্বত তন্ত্ৰ.djvu/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
সাত্বত তন্ত্ৰ।


আৰ দশ অপৰাধ হৰিৰ নামৰ।
বিভাগি প্ৰপঞ্চি মোত কহিয়ো শঙ্কৰ॥
শুনা সভাসদ কৃষ্ণ কথা মনোহৰ।
পৰম কৰ্ত্তব্য আৰ নাহি আত পৰ॥ ২৫৫॥
দুৰ্লভ ভাগ্যক পাই অভাগ্য নকৰা।
ভাগ্য অভাগ্যক কহোঁ যেবে মনে ধৰা॥
এক ভাগ্য কলিযুগ পৰম শোভন।
যাত পূৰ্ণ ব্ৰহ্ম অৱতাৰ নাৰায়ণ॥ ২৫৬॥
ইযুগত কৃষ্ণভক্ত অনেক আছয়।
সত্যাদি যুগৰ লোকে ইহাক বাঞ্ছয়॥
আৰু ভাগ্য পাইলা ইটো ভাৰত বৰিষ।
যাত জন্ম লভিবাক দেৱৰ হৰিষ॥ ২৫৭॥
দেৱে বোলে আছে যেবে পুণ্য অৱশেষে।
সৃষ্টি মধ্যে জন্ম হোক ভাৰত বৰিষে॥
যাহাত ভজিল মাত্ৰে প্ৰভু নাৰায়ণ।
ইটো মোৰ বুলিয়া ধৰন্ত তেতিক্ষণ॥ ২৫৮॥
আৰু ভাগ্য তাতে নৰ তনু আছা পাই।
ব্ৰহ্মাণ্ড ভিতৰে যাৰ সম দেহ নাই॥
মহা গুণৱন্ত জানি ব্ৰহ্মায়ো মাগয়।
ধৰ্ম্ম-তত্ত্ব জ্ঞানাদিও সমস্তে হোৱয়॥ ২৫৯॥
অসংখ্যাত গুণ নৰদেহত আছয়।
একখানি দোষে অল্পকালে নষ্ট হয়॥