পৃষ্ঠা:সাত্বত তন্ত্ৰ.djvu/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
সাত্বত তন্ত্ৰ।

ব্ৰাহ্মণে পঢ়িয়া আতি পণ্ডিত হোৱয়।
ক্ষত্ৰিয়ে পঢ়িয়া সবে পৃথিবী লভয়॥
বৈশ্যে পঢ়ি অনায়াসে ধনিক হোৱয়।
শূদ্ৰ সবে পঢ়ি সিদ্ধি উত্তম পাৱয়॥ ২২৪॥
যদি অজ্ঞানত প্ৰমাদত কোনো নৰে।
দ্বি অধিক ত্ৰিশ [১] অপৰাধক আচৰে॥
তথাপি তাহাৰ অপৰাধ সবে হৰে।
আকে শুদ্ধভাৱে পঢ়ি মুক্ত হবে নৰে॥ ২২৫॥
শুনে যিবা স্মৰে যিবা শুনাৱে যিজনে।
নামৰ প্ৰসাদে মুক্ত হবে তেতিক্ষণে॥
আতপৰে পুণ্য নাহি ইতিনি লোকত।
যাৰ এক কীৰ্ত্তনতে হোৱয় মুকুত॥ ২২৬॥
এতেকে শ্ৰদ্ধায়ে তুমি কৰিয়ো কীৰ্ত্তন।
সহস্ৰেক নাম কৃষ্ণ প্ৰীতিৰ কাৰণ॥
নাৰদ বদতি ধন্য ধন্য ভৈলোঁ আমি।
যাতো মোক অনুগ্ৰহ কৰিলাহা তুমি॥ ২২৭॥
তোমাৰ কৃপাৰ গুণ বৰ্ণাইতে নপাৰি।
কৃষ্ণৰ সহস্ৰ নাম কহিলা প্ৰচাৰি॥
আৰু আছে এক মোৰ মনৰ আশঙ্কা।
তাৰ পৰিচ্ছেদ মোক দিয়োক প্ৰত্যেক॥ ২২৮॥


  1. বত্ৰিশ অপৰাধৰ কথা—২৬৪ পদৰপৰা চাওক।