পৃষ্ঠা:সাত্বত তন্ত্ৰ.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
সাত্বত তন্ত্ৰ।


যদি মই আলাসত কোনো প্ৰমাদত।
সবে নাম পঢ়িবাক নুহিকো শকত॥
তেবে কি কৰিবোঁ দিয়ো উপদেশ।
সুগম প্ৰকাৰে মোক কহিয়ো নিশেষ॥ ২২৯॥
নিগদতি শিৱ সাধু সাধু তুমি মুনি।
পৰম সন্তোষ ভৈলো তযু কথা শুনি॥
যদি সব নাম নিতে নোৱাৰা পঢ়িত।
তেবে কৃষ্ণ কৃষ্ণ নাম সুমতি নিত॥ ২৩০॥
এহি মতে হৈবে তযু সকল সম্পন্ন।
পৰম আনন্দ দিব্য চিত্তৰ প্ৰসন্ন॥
কি কহিবোঁ যিটো পূৰ্ণ নাম সহস্ৰেক।
কীৰ্ত্তন কৰিলে শুদ্ধ হইবেক প্ৰত্যেক॥ ২৩১॥
যাৰ নাম কীৰ্ত্তন মাত্ৰকে প্ৰাণীচয়।
সংসাৰ সাগৰে ঘোৰ অযত্নে তৰয়॥
হেন কৃষ্ণ চৰণত পশিলোঁ শৰণ।
গোপাল স্বৰূপ যিটো জগত কাৰণ॥ ২৩২॥

সাত্বত তন্ত্ৰৰ ষষ্ঠ পটল সম্প্ৰতি।
শুনা সভাসদ এহিমানে সমাপতি॥