পৃষ্ঠা:সাত্বত তন্ত্ৰ.djvu/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
সাত্বত তন্ত্ৰ।

বেণুধাৰী হলধাৰী পৰশুবিহাৰী।
ধনুধাৰী সৃষ্টিকাৰী জগতসংহাৰী॥
বৃন্দাবনবিহাৰী কালীৰ দৰ্পহাৰী।
ৰামাধৰধাৰী নিজ মহিমা বিস্তাৰি॥ ২১৯॥
বিধি মোহকাৰী শৌৰী কুবলয়মাৰী।
মল্লদৰ্পহাৰী বহুবিধ লীলাকাৰী॥
বিষ্ণু বিশ্বসেন দামোদৰ জনাৰ্দ্দন।
বাসুদেৱ কেশৱ বৈকুণ্ঠ নাৰায়ণ॥ ২২০॥
হৃষীকেশ মাধৱ গোবিন্দ পীতাম্বৰ।
দৈৱকী নন্দন ত্ৰিবিক্ৰম পদ্মধৰ॥
ইত্যাদি সহস্ৰনাম কহিলা শঙ্কৰে।
সবে নিলিখিলোঁ পদ বাহুল্যক ডৰে॥[১]২২১॥
শঙ্কৰ বদতি শুনিলাহা মুনিবৰ।
অদ্ভুত সহস্ৰ নাম কহিলোঁ কৃষ্ণৰ॥
সৰ্ব্বপাপ বিমোচন দুঃখ বিনাশন।
মনশুদ্ধ কাৰণ বিঘিনি নিবাৰণ॥ ২২২॥
ভকতি বৰ্দ্ধন চতুৰ্ব্বৰ্গৰ সাধন।
শ্ৰীসম্পাদন সৰ্ব্ব বাঞ্ছিত পূৰণ॥
শ্ৰদ্ধাভক্তি ভাৱে যিটো পঢ়য় শুনয়।
সমস্তে বাঞ্ছিত সিটো অৱশ্যে পাৱয়॥ ২২৩॥


  1. মূল সংস্কৃত পুথিত পূৰা কৰি এক হাজাৰ নাম লিখা আছে।