পৃষ্ঠা:সাত্বত তন্ত্ৰ.djvu/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫১
সাত্বত তন্ত্ৰ।


হেন শুনি বুলিলোঁহোঁ শুনিয়ো পাৰ্ব্বতী।
মোত পৰ ঈশ্বৰ আছয় লক্ষ্মীপতি॥ ২১৩॥
তান নাম সহস্ৰেক কৰোঁহোঁ কীৰ্ত্তন।
শুনিয়া পাৰ্ব্বতী পুছিলাহা ৰঙ্গ মন॥
সিবেলা দেবীত যিবা কহিলোঁ প্ৰত্যেক।
কহিবোঁ তোমাত সেহি নাম সহস্ৰেক॥ ২১৪॥
সজল জলদ সম শৰীৰ প্ৰকাশে।
নিৰ্ম্মল সুন্দৰ যাত শোভে পীতবাসে॥
মুকুট কুণ্ডল হাৰ প্ৰকাশে নূপুৰ।
বলয়া অঙ্গুঠী হাৰে প্ৰকাশে ৰুচিৰ॥ ২১৫॥
ব্ৰহ্মা লক্ষ্মী আদি দেৱে সেৱে যাৰ পাৱ।
গোপ-গোপী মুনিগণো সেৱে সৰ্ব্বভাৱ॥
হেন কৃষ্ণ চৰণত কৰি নমস্কাৰ।
তান নাম সহস্ৰেক কৰোঁহোঁ প্ৰচাৰ॥ ২১৬॥
শ্ৰীকৃষ্ণ শ্ৰীপতি হৰি মুকুন্দ মুৰাৰি।
অনন্ত অচ্যুত বিভু প্ৰভু নিৰ্ব্বিকাৰী॥
দৈত্যাৰি কংসাৰী গোপনাৰী প্ৰিয়কাৰী।
ভক্ত দুখহাৰী গোবৰ্দ্ধন গিৰিধাৰী॥ ২১৭॥
শঙ্খচক্ৰগদাধাৰী পাৰিজাত হাৰী।
অঘাৰি বকাৰি ভকতৰ প্ৰিয়কাৰী॥
দীনজন দুখহাৰী পতিত নিস্তাৰি।
হিৰণ্যবিদাৰী নাড়ি-ধাৰী (?) ভয়ঙ্কৰী॥ ২১৮॥