পৃষ্ঠা:সাত্বত তন্ত্ৰ.djvu/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
সাত্বত তন্ত্ৰ।


প্ৰথমৰ দুই অঙ্গ যম যে নিয়ম।
বাঢ় বাঢ় গোটা দুইৰো বুজিবা উত্তম॥ ১৮০॥
যম বুলি অহিংসা যে ব্ৰহ্মচৰ্য্য ব্ৰত।
ক্ষমা লজ্জা দয়া মৌন স্থিৰ স্বধৰ্ম্মত॥
অসংশয় [১] অসঙ্গ অভয় যে অস্তেয়।
বিশ্বাস যে সত্য সমে যমৰ নিৰ্ণ্ণয়॥ ১৮১॥
দেহ শৌচ মন শৌচ জপ তপ ব্ৰত।
হোম শ্ৰাদ্ধ অতিথি শুশ্ৰূষা ভাল মত॥
তীৰ্থ সেৱা গুৰুসেৱা আত্মাৰ সন্তোষ।
পৰ উপকাৰ সমে নিয়ম দ্বাদশ॥ ১৮২॥
ধ্যানৰ তৃতীয় অংশ শুনিয়ো আসন।
জানু জঙ্ঘা মধ্যে থৈব আপন চৰণ॥
কোলাত থৈবেক নিয়া হস্ত দুই খান।
ইহাকে বুলিয় স্থান আসন উত্তম॥ ১৮৩॥
ধ্যানৰ চতুৰ্থ অঙ্গ নামে প্ৰাণায়ম।
ৰেচক কুম্ভক আৰু পূৰক যে নাম॥
ধ্যানৰ পঞ্চম অঙ্গ নামে প্ৰত্যাহাৰ।
আনিয়া বিষয় হন্তে ইন্দ্ৰিয় দুৰ্বাৰ॥ ১৮৪॥
সংযম কৰিয়া মন থৈব হৃদয়ত।
ষষ্ঠ অঙ্গ স্থৈৰ্য আবে শুনা ভাল মত॥
প্ৰাণে সমে মন থিৰ কৰি যোগীজনে।
নাসিকাৰ অগ্ৰে চাই থাকিব যতনে॥ ১৮৫॥

  1. পাঠান্তৰ — অসঞ্চয়