পৃষ্ঠা:সাত্বত তন্ত্ৰ.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পঞ্চম পটল।

পদ।

নাৰদ বদতি প্ৰভু দেৱ মহেশ্বৰ।
ভক্তিৰ লক্ষণ মোত কহিলা সুন্দৰ॥ ১৭৫॥
এবে কহিয়োক যিবা যুগে দেৱ হৰি।
যিমত ৰূপক ধৰা লোক ৰক্ষা কৰি॥
কোন যুগে কোন মত পূজাৰ লক্ষণ।
কোন ধৰ্ম্মে কত নামে সেৱে নাৰায়ণ॥ ১৭৬॥
যিমত সাধনে মোক্ষ সাধয় সম্প্ৰতি।
ইসব কথাক কয়ো পাৰ্ব্বতীৰ পতি॥
মহেশ্বৰ বদতি শুনিয়ো মুনিবৰ।
সত্যযুগে প্ৰজাসব শুদ্ধ ধৰ্ম্মপৰ॥ ১৭৭॥
ৰাগ-লোভ বিবৰ্জিত স্বভাৱত শান্ত।
সমদৃষ্টি মল শূন্য সবে সত্যৱন্ত॥
তেসম্বে কেৱলে কৰে কেশৱক ধ্যান।
ধ্যানেসে কেৱল ধৰ্ম্ম যুগৰ বিধান॥ ১৭৮॥
সেহি ধ্যান তিনি বিধ দশনাম যুত।
নিৰালম্ব সাৱলম্ব পৰম অদ্ভুত॥
অন্তৰ্য্যামী ধাৰণা অপৰ বিধ কয়।
তিনি বিধ ধ্যান নাম কহিলোঁ নিশ্চয়॥ ১৭৯॥
নিৰালম্ব ধ্যান আবে শুনিয়ো প্ৰথমে।
ছয়বিধ অঙ্গ যাত কৰিবেক ক্ৰমে॥