পৃষ্ঠা:সাত্বত তন্ত্ৰ.djvu/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২ ]


চ নাৰাদায় ইতি গ্ৰন্থতো জ্ঞায়তে। অত্ৰ চ বিশ্বসম্ভবকাৰণং শ্ৰীবিষ্ণোঃ সম্পূৰ্ণসকলাবতাৰাঃ নামসহস্ৰং বৈষ্ণৱ নামাপৰাধাঃ সৰ্ব্বসাৰৰহস্যং, ইত্যাদি অনেকে বিষয়াঃ সন্তি। ইতি মূল্যম্ ১॥০

প্ৰাপ্তিস্থান—চৌখম্বা সংস্কৃত চিৰিজ অফিস।
( কাশী ) বেনাৰস চিটি
চৌখম্বা ক্যাটলগ্‌ পৃঃ ৯১ )

 কিন্তু আমাৰ প্ৰকাশিত এই পুথিৰ বিষয়ত ওপৰত কোৱা পুথিৰ কোনো সম্পৰ্ক নাই। প্ৰায় কুৰি বছৰ পূৰ্বে বন্ধুবৰ শ্ৰীযুক্ত ৰামেশ্বৰ বৰুৱাদেৱ যোৰহাট গভৰ্ণমেণ্ট হাইস্কুলৰ হেড্‌ মাষ্টৰ আছিল। তেওঁৰ চেষ্টাত এই পুথিখনি বৰদোৱা থানৰ শ্ৰীযুত নাৰায়ণ নাম লগোৱাৰ পৰা পোৱা হৈছিল। তাৰে নকল এটা আমি সংগ্ৰহ কৰিলোঁ। দুয়ো লগ লাগি তাৰ পাঠ শুধৰোৱা হল। আন এখন পুথিৰ লগতো পাঠবোৰ মিলাই লোৱা হল। গুৱাহাটীৰ কামৰূপ অনুসন্ধান সমিতিৰ লাইব্ৰেৰীতো এই পুথিৰ এটা নকল আছে। শ্ৰীযুত সৰ্ব্বেশ্বৰ কটকীদেৱৰ সৌহাৰ্দ্যত তাৰ লগতো এই পুথিৰ পাঠ মিলোৱা হল।

 তেতিয়াই বৰুৱাদেৱে আৰু মই এই পুথিৰ মূল্যৰ বিষয় বিশেষ কৰি ভাবিছিলোঁ আৰু সাহিত্য সভাক শ্ৰীশ্ৰীনৰদেৱ-গ্ৰন্থাৱলীৰ পৰা ইয়াক প্ৰকাশ কৰিবলৈ খাটিছিলোঁ। নানাবিধ কাৰণত তেতিয়া এই কাম হৈ নুঠিল। তাৰ পাছত আজি তিনি বছৰমান পূৰ্বে সাহিত্য সভাই ইয়াক প্ৰকাশ কৰিবলৈ সম্মত হয়।

 পদ পুথি যুগুত হোৱাৰ কিছুমান দিনৰ পাছত প্ৰসিদ্ধ আমৰাঙা (গড়েমাৰী ) সত্ৰৰ বৰ্তমান অধিকাৰ অধ্যাপক শ্ৰীমান উমাকান্ত দেৱ গোস্বামী