পৃষ্ঠা:সাত্বত তন্ত্ৰ.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ৩ ]

এম. এ, বি, এল বাপাৰ ঘৰত এই পুথিৰ মূল-সংস্কৃতখনো পোৱা হয়। এই মূলৰ লগত পদ মিলাই চোৱাত দেখা গল যে পদ-কৰ্তা ভাগৱত মিশ্ৰই মূল অনুযায়ী প্ৰাঞ্জল পদত পুথি লেখিছে।

 পুথিখনৰ বিষয়ে মই ওপৰৰ কথাখিনি লেখিলোঁ। কিন্তু ইয়াৰ বিষয় বস্তু আৰু সাত্ত্বত ধৰ্মৰ বিষয়ক যি ভূমিকা ইয়াৰ পাছত প্ৰকাশ কৰা হল, তাক মোৰ অগ্ৰজ বৈষ্ণৱ শাস্ত্ৰত গভীৰ জ্ঞান সম্পন্ন পূজ্যপাদ শ্ৰীশ্ৰীযুক্ত প্ৰতাপচন্দ্ৰ দেৱ গোস্বামীৰ দ্বাৰা লেখা।

 মই মুঠে এই পুথি সম্পৰ্কে এটা কথা কওঁ। ভাগৱত মিশ্ৰই এই পুথি প্ৰায় আঢ়ৈশ বছৰৰ পূৰ্বতে লেখে। বৰ্তমান সময়তো ভাৰতবৰ্ষৰ বহু ঠাইত সাত্ত্বত গ্ৰন্থ পোৱা হোৱা নাছিল। অথচ অন্ততঃ আঢ়ৈশ বছৰৰ পূৰ্বৰ পৰা আমাৰ দেশত সাত্ত্বত গ্ৰন্থৰ মূল আছিল; তাৰ আলোচনা হৈছিল; সেই গ্ৰন্থৰ পদ্য আৰু গদ্য অনুবাদ হৈছিল। [১] এই কথাৰ পৰা আমাৰ দেশৰ বিদ্যা চৰ্চা, বৈষ্ণব ধৰ্মৰ বহুল প্ৰচাৰ আৰু সামাজিক উন্নতি, তথা আমাৰ ভাষাৰ বিস্তাৰৰ কথা সহজতে অনুমান কৰিব পাৰি। এনে একোখন গ্ৰন্থ আমাৰ জাতিৰ আৰু ভাষাৰ পক্ষে বৰ গৌৰবৰ বিষয়।


  1. এই সময়তে জাগৰা সত্ৰত সাত্ত্বত তন্ত্ৰৰ গদ্য (কথা ) পুথি এখনো পোৱা হৈছে। তাকো যথা সময়ত প্ৰকাশ কৰা হব।