পৃষ্ঠা:সাত্বত তন্ত্ৰ.djvu/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাত্বত তন্ত্ৰৰ পাতনি।

 সাত্ত্বত তন্ত্ৰ বিখ্যাত বৈষ্ণব গ্ৰন্থ। পাছে, সাত্ত্বত তন্ত্ৰ এখন নহয়, অসংখ্য আছে। অষ্টোত্তৰ শত সংখ্যা বুলি অনেক পণ্ডিতে কয়; অনেকে তাৰ বেছি বুলিও উল্লেখ কৰে।

 বৰ্তমান প্ৰকাশ কৰা পদ যি খন মূল পুথিৰ অনুবাদ, সি এখন প্ৰসিদ্ধ গ্ৰন্থ। কিন্তু ইয়াৰ মূল পুথিখন প্ৰায় লুপ্ত হৈছিল। কেই বছৰ মান পূৰ্বে কাশীৰ প্ৰসিদ্ধ সংস্কৃত গ্ৰন্থ প্ৰকাশক চৌখম্বা পুস্তকালয়ে নেপালৰপৰা পুথি সংগ্ৰহ কৰি আনি তাকে প্ৰকাশ কৰে। এই গ্ৰন্থ সম্বন্ধে চৌখম্বা পুস্তকালয়ে তেওঁলোকৰ কেটেলগত যি উল্লেখ কৰিছে তাকে তলত উদ্ধৃত কৰি দিয়া হল। ইয়াৰ পৰাই এই গ্ৰন্থেৰ দুষ্প্ৰাপ্যতা বিষয়ে বুজা যাব।

 শ্ৰীসাত্ত্বত তন্ত্ৰম্; বিদিতমেবৈতৎ পুৰাণজ্ঞানাৎ যৎ শ্ৰীমৎ ভাগৱতে “তন্ত্ৰং সাত্ত্বতমাচষ্টে নৈষ্কৰ্মং কৰ্মণাং যতঃ” ইত্যত্ৰ সাত্ত্বত তন্ত্ৰমাগতমন্যত্ৰাপি তথা। তত্ৰ প্ৰসিদ্ধৈষ্টীকাকাৰৈঃ সাত্ত্বততন্ত্ৰ- পদস্য বিদ্যমানাং সাত্ত্বতসংহিতামুদ্দিশ্য পঞ্চৰাত্ৰসংহিতামিত্যৰ্থঃ কৃতঃ। আঙ্গললিপিমুদ্ৰিত বৃহৎপুস্তকসূচিকায়ামপি সাত্ত্বততন্ত্ৰ পদেন সাত্ত্বতসংহিতৈব লিখিতা। তেনৈতৎ জ্ঞায়তে যৎ বহোঃ কালাদাৰভ্য তন্ত্ৰমিদং লুপ্তমিৱ সঞ্জাতং। শ্ৰীশকৃপয়েদানীং মহা-মহোপাধ্যায় ৺নিত্যানন্দ পাৰ্ব্বতীয়চৰণৈঃ নেপালদেশতঃ আবিষ্কৃতং প্ৰকাশিতঞ্চাস্মাভিঃ। এতত্তন্ত্ৰং নাৰায়ণেন শিবায় উপদিষ্টং শিবেন