পৃষ্ঠা:সাত্বত তন্ত্ৰ.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাত্বত তন্ত্ৰ।


তথাপিতো তন্ত্ৰৰূপে সাৰক উদ্ধাৰি।
কহিবোঁ যিমতে মোক কহিছন্ত হৰি॥ ৯॥
জয় নমো গোপৰূপী কৃষ্ণক সাক্ষাত।
কহিবো সাত্বত তন্ত্ৰ ভক্তি বাঢ়ে যাত॥
প্ৰথমে কৰোঁহেঁ৷ স্বষ্টি লীলা নিৰূপণ।
আছিল পূৰ্ব্বত এক সত্য নিৰঞ্জন॥ ১০॥
ব্ৰহ্মা হেন বুলি যাক জানৈ জ্ঞানীগণে।
ভগৱন্ত বুলি যাক ভজৈ ভক্তজনে॥
সিবেলা প্ৰপঞ্চ বিনে মানিয়া অসন্ত।
সৃষ্টিৰূপে ৰহি দুই প্ৰকাৰ ভৈলন্ত॥ ১১॥
চৈত্যন্যস্বৰূপ এক পুৰুষ বোলন্ত।
জড়ৰূপে অপৰক প্ৰকৃতি কহন্ত॥
সেহিবেলা নাম কাল কৰ্ম্ম যে স্বভাৱ।
সবাৰো পৃথকো কহোঁ লক্ষণ প্ৰভাৱ॥ ১২॥
পুৰুষ বুলিয় যাক স্বৰূপ সাক্ষাত।
তান শক্তি গুণসাম্য প্ৰকৃতি প্ৰখ্যাত॥
গুণ ক্ষোভকাৰী কাল লীলা মাধৱৰ।
কৰ্ম্মজন্মাদিৰ হেতু জানা সমস্তৰ॥ ১৩॥
সকলৰ পৰিণাম যাতহস্তে হয়।
সূক্ষ্মৰূপ তাহাক স্বভাৱ বুলি কয়।
কাল কৰ্ম্ম স্বভাৱত পুৰুষ ৰহিয়া।
প্ৰকৃতিক ক্ষোভ তেবে কৰিলা চাহিয়া॥ ১৪॥