পৃষ্ঠা:সাত্বত তন্ত্ৰ.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাত্বত তন্ত্ৰ।


যিটো কৃষ্ণে সৃষ্টি স্থিতি সংহাৰ কালত।
বহুবিধ মতে প্ৰকাশন্ত ভাল মত॥
হেনয় পৰমানন্দ মূৰতি মাধৱ।
শৰণ পশিলো কৃপা কৰিয়ো বান্ধৱ॥ ৪॥
মহেশৰ নাৰদৰ অদ্ভুত সম্বাদ।
আদৰে শুনিয়ো পাপ কৰিয়ো উছাদ॥
আছন্ত শঙ্কৰ বসি কৈলাস শিখৰে।
জগতৰ কল্যাণ সাধিয়া নিৰন্তৰে॥ ৫॥
দিনেক নাৰদ ঋষি অতি ৰঙ্গ মনে।
বিনয়ে পুছিলা শুনি আছা সৰ্ব্বজনে॥
নাৰদ বদতি প্ৰভু দেৱ মহেশ্বৰ।
শুনিবাক ইচ্ছা মোৰ প্ৰভু গোবিন্দৰ॥ ৬॥
যি কাৰণে কৃষ্ণে কিবা স্বৰূপ ধৰন্ত।
যি কালত জাত হোন্ত প্ৰভু ভগৱন্ত॥
যি মতে কৰন্ত লীলা বান্ধৱ মুৰাৰি।
কহিয়োক তাক পুছোঁ প্ৰভু ত্ৰিপুৰাৰি॥ ৭॥
অৱতাৰ নিমিত্তে যি বিৰাট শৰীৰ।
প্ৰথমে কহিয়ো তাক তুমি মহাধীৰ॥
শঙ্কৰ বদতি সাধু ভক্ততে উত্তম।
যিহেতু পুছিলা কৃষ্ণ-কথা মনোৰম॥ ৮॥
অৱতাৰ সকলৰ আৰু বিৰাটৰ।
সহস্ৰ বৎসৰ কহি নপাওঁ তাৰ ওৰ॥