পৃষ্ঠা:সাত্বত তন্ত্ৰ.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাত্বত তন্ত্ৰ।


তেবে জ্ঞান ক্ৰিয়াৰূপ মহত্তত্ত্ব ভৈল।
তেন্তে তিনিবিধ অহঙ্কাৰ স্ৰজি ৰৈল।
সাত্বিকত হন্তে দেৱগণ ভৈলা জাত।
ৰাজসত দুই বিধ ইন্দ্ৰিয় প্ৰখ্যাত॥ ১৫
ত্বক চক্ষু নাসা কৰ্ণ আৱৰ ৰসনা।
বুদ্ধিসমে এহি জ্ঞানেন্দ্ৰিয় বিতোপনা॥
বাক্য পানি পাদ পাষু উপস্থ চৰণ।
এহি কৰ্ম্মেন্দ্ৰিয় আৰু শুনা মাত্ৰাগণ॥ ১৬৷
প্ৰথমে তামস হন্তে শব্দ মাত্ৰা ভৈল।
তাত হন্তে আকাশ ব্যাপক হুয়৷ ৰৈল।॥
আকাশত পৰশ স্পৰ্শত বায়ু জাত।
বায়ু হন্তে ৰূপ তাতো তেজৰ প্ৰখ্যাত॥ ১৭॥
ৰূপ হন্তে বস তাই হন্তে জল নাম।
জল হন্তে গন্ধ তাত ভূমি অনুপাম॥
ই সব শকতি সবে পৰত অন্বয়।
ভূমিত সবাৰে গুণ জানা মহাশয়॥ ১৮॥
মহত্তাদি তত্ত্বগণ যতেক আছয়।
পুৰুষৰ কাৰ্য্য অৱতাৰ জানা হয়॥
পুৰুষ ইচ্ছায়ে মিলি সবে তত্ত্বগণে।
অংশে বিৰাটক জন্ম কৰায় যতনে॥ ১৯৷
ভিতৰে পঞ্চাশ কোটি বিস্তাৰ হোৱয়।
দশগুণাধিক সাতে আৱৰি আছয়॥