পৃষ্ঠা:সাত্বত তন্ত্ৰ.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ৮ ]

এক মাত্ৰ তত্ত্ব অৱতাৰী সনাতন।
কৃষ্ণ ব্ৰহ্ম পুৰুষ নামেসে কৰে ভিন্ন॥

 ভক্তি উপদেশ কাক দিব সেই সম্বন্ধে—

মোৰ ধ্যানে নিষ্ঠা মোতে মাত্ৰ প্ৰাণ যাৰ।
মোৰ যশ শ্ৰৱণে উৎসুক ষাসম্বাৰ॥
হিংসা মদ মাৎসৰ্য্য ৰহিত যিটো নৰ।
তাসম্বাত ভক্তি ভেদ কৈবা নিৰন্তৰ॥
*  *  *  *
*  *  *  *
যদি সাধাৰণো তযু বাক্যে নিষ্ঠ হয়।
সসাধনা[১] ভক্তি তাতো কহিবা নিশ্চয়॥

 ভক্তিৰ চৰম অবস্থা যে প্ৰেম সেই সম্বন্ধে—

এক মাত্ৰ বিষ্ণুভক্তি মহা সুমঙ্গল।
প্ৰীতি বুলি কহে সবে ভকতসকল॥
*  *  *  *
*  *  *  *
নামত নিৰ্গুণা ভাগৱতী প্ৰেমময়।

 গুৰু কৰণ—

একান্ত ভক্তকে গুৰু মানিব প্ৰথমে।

 সাত্ত্বত তন্ত্ৰৰ বিষয় বস্তু সম্বন্ধে আৰু বিস্তৃত উদ্ধৃত নকৰি সাত্ত্বত তন্ত্ৰত দিয়া সংক্ষিপ্ত সূচীকে ইয়াত তুলি দিলোঁ।

সাত্ত্বত তন্ত্ৰৰ সাৰ  সংগ্ৰহ শুনিয়ো মুনি
 বিৰাটৰ জন্ম কৈলোঁ যাত।


  1. সসাধনা ভক্তি —শ্ৰবণ কীৰ্ত্তন আদি নব প্ৰকাৰ সাধনযুক্ত ভক্তি।