পৃষ্ঠা:সাত্বত তন্ত্ৰ.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

শ্ৰীবিষ্ণু অৱতাৰ  পূৰ্ণ অংশ কলা ভেদ
 ভক্তি ভেদ কহিলোঁ তোমোত॥
ভক্তৰ লক্ষণ মই  পৃথকে পৃথকে কৈলোঁ
 যুগধৰ্ম্ম মোক্ষৰ সাধন।
বিষ্ণু-নাম সহস্ৰেক  নামৰ মহিমা মই
 তোমাত কৰিলোঁ নিৰূপণ॥
বিষ্ণু নাম বৈষ্ণবৰ  অপৰাধ নিৰূপিলোঁ
 তাহাৰ কহিলোঁ প্ৰায়শ্চিত্ত।
সৰ্বসাৰ ৰহস্যক  নিৰূপণ কহিলোহোঁ
 তন্ত্ৰৰ কাৰণ যথোচিত॥
হিংসা বিধি নিষেধক  সকলে তোমাত কৈলোঁ
 তোমাৰ প্ৰশ্নৰ অনুসাৰে।

 সাত্বত তন্ত্ৰৰ পদকৰ্ত্তা ভাগবত মিশ্ৰৰ সম্বন্ধে আমি এই পুথিৰ পৰা মাত্ৰ তিন্‌টা কথা জানিব পাৰোঁ। প্ৰথম, তেওঁ

গ্ৰন্থকাৰ
ভাগবত মিশ্ৰ

শ্ৰীশ্ৰীদামোদৰ দেৱৰ শিষ্য; দ্বিতীয়, তেওঁ

গোবিন্দপুৰ সত্ৰৰ ভাগৱতী; তৃতীয়, তেওঁ গোবিন্দপুৰ সত্ৰৰ স্থাপনকৰ্তা ভগবন্তৰ ( ভগবান দেব) আদেশ অনুসাৰে সাত্ত্বত তন্ত্ৰৰ পদ কৰিছিল। কবিৰ জীৱনী সম্বন্ধে তলত দিয়া কথাখিনি জানিব পাৰা গৈছে।

 বজালীত মিশ্ৰ উপাধিধাৰী এঘৰ বামুণ ভূঞা আছিল। এওঁলোকে ডুবি অঞ্চলত ৰাজ্য শাসন কৰিছিল। এওঁলোকৰে বংশৰ হৰিচৰণ মিশ্ৰই শ্ৰীশ্ৰীহৰিদেৱ মহাপুৰুষত শৰণ লৈ বৈষ্ণৱ হয়। আৰু তেওঁৱে কামৰূপৰ প্ৰসিদ্ধ হৰিদেবী সত্ৰ জাগৰা, বালিসত্ৰ, কৈহাটি প্ৰভৃতিৰ গোঁসাইসকলৰ আদি পুৰুষ। হৰিচৰণ মিশ্ৰৰ পাঁচ পুত্ৰ। তাৰে তৃতীয়জনৰ নাম হৰিমিশ্ৰ। এওঁৰ তিনিজন পুত্ৰ — ৰঘুনাথ মিশ্ৰ, গোবিন্দ মিশ্ৰ আৰু মুৰাৰি মিশ্ৰ।