পৃষ্ঠা:সম্ভৱতঃ.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ‘তুমি চিন্তা নকৰিবা। ডিভোৰ্ছৰ কাগজখিনি সোনকালেই মই পঠাই দিম।

 সশব্দে দুৱাৰখন খুলি শিশিৰ ওলাই গ’ল।

 আচৰিত ধৰণে শূন্য হৈ গ’ল অজন্তাৰ বুকুখন। তাইৰ মনত এতিয়া আৰু কোনো খং নাই। দ্বন্দ্ব নাই। বিদ্বেষ নাই। ইমান ভয়ংকৰ শূন্যতাত কেনেদৰে যে মানুহ নিঃস্ব হৈ যায়। দুৱাৰ-খিৰিকী উন্মুক্ত হৈ থকা এটা কোঠাত এটা দীঘল নিশাৰ নিৰ্জনতাৰ মুখামুখি হৈ অজন্তা থিয় দি থাকিল। অকলশৰে।❐ ❐

সম্ভৱতঃ ● ৮৮