পৃষ্ঠা:সম্ভৱতঃ.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 স্তব্ধ হৈ গ’ল শিশিৰ। গায়ত্ৰীয়ে দিনে-নিশাই জোৰ কৰিছে ডিভোৰ্ছৰ আনুষ্ঠানিকতাখিনি শেষ কৰিবলৈ।

 কিন্তু ক্ৰমশঃ কেনেদৰে যে খেলিমেলি লাগিব ধৰিছে সকলোতে। অজন্তাৰ ব্যক্তিত্বত তাৰ একান্ত প্ৰয়োজনীয় ‘কিবাকিবি’ৰ অভাৱৰ বাবে সি গায়ত্ৰীৰ কাষ চাপি গৈছিল। কিন্তু এতিয়া গায়ত্ৰীৰ মাজত সি বহু কিবাকিবিৰ অভাৱ দেখিছে যিখিনিৰে সমৃদ্ধ আছিল অজন্তা। অজন্তাৰ মাজত প্ৰকৃতিৰ ‘স্বচ্ছতা’ আছিল। গতিকে আদৰ্শৰ ওচৰত, হৃদয়ানুভূতিৰ সততাৰ ওচৰত সকলো ম্লান হৈ গৈছিল। আনহাতে, গায়ত্ৰীৰ বাবে কেৰিয়াৰেই সৰ্বস্ব। হৃদয়, আবেগ আদিৰ বাবে গায়ত্ৰীৰ জীৱনত বৰ বেছি সময় নাই। এই আত্মকেন্দ্ৰিকতা যেন ভয়াৱহভাৱে যান্ত্ৰিক! কেতিয়াবা অতিষ্ঠ হৈ পৰে শিশিৰ। নিঃসংগ হৈ পৰে। সি অনুভৱ কৰে তাৰ জীৱনৰ পৰা লাহে লাহে হেৰাই যাব ধৰিছে মানুহক নিৰাপত্তা দিব পৰা ভালপোৱাৰ সেই অনিৰ্বচনীয় শুদ্ধতা। নাৰীৰ মমত্বৰ সেই কুহুমীয়া উত্তাপ। যিদৰে সায়াহ্নত পোহৰ হেৰাই যায়। শৰতত লুপ্ত হয় মেঘমল্লাৰ।

 ‘তুমি সংঘাতিক ধৰণে জেদী অজন্তা। এই জেদৰ বাবেই নিজক কষ্ট দিছা। মোকো...’

 ‘শিশিৰ, ময়োতো ক’ব পাৰো তুমি কৃতঘ্ন। স্বাৰ্থপৰ। কিন্তু ক’ব বিচৰা নাই। সম্ভৱতঃ পৰস্পৰৰ ওচৰত অভিযোগ কৰাৰ অধিকাৰখিনি আমি হেৰুৱাইছো।' শিশিৰে উঠি গৈ বেছিনত হাত ধুলে। চাৰে ন বাজিছে। আঁৰ চকুৰে বাচন সামৰি থকা অজন্তাক লক্ষ্য কৰিলে সি। মুখাৱয়বক নিৰ্লিপ্ত কৰি ৰখাৰ ব্যৰ্থ প্ৰচেষ্টাই তাইৰ মুখখন অধিক কৰুণ কৰি তুলিছে।

 এটা কথা জানিবলৈ শিশিৰৰ খুব মন গ'ল— আজিৰ দিনটোৰ লগত জড়িত আনন্দ আৰু বিষাদৰ বিশেষ স্মৃতি কিছুমানে অজন্তাক আমনি কৰিছেনে! তায়ো ঘূৰি ফুৰিছে নে সোঁৱৰণীৰ অলি-গলিবোৰত, তাৰ দৰে! দ্ৰয়িং ৰূমৰ চোফাত বহি অজন্তাৰ বাবে অপেক্ষা কৰিলে সি। অজন্তা সোমাই আহি কোঠাটোৰ খিৰিকীবিলাক খুলি দিলে। ধুমুহা-বৰষুণ এতিয়া নাই।

 এছাটি সেমেকা বতাহ খিৰিকীয়েদি সোমাই আহিল।

 ‘কিয় খিৰিকী খুলিছা?’

 ‘বতাহজাকৰ বাবে।’ অজন্তাই মৃদুকৈ হাঁহিলে।

 ‘বহু ৰাতি হ’ল। আৰু দেৰি নকৰো।’ শিশিৰ থিয় হ'ল। পেণ্টৰ পকেটৰ পৰা সৰু এটা পেকেট উলিয়াই খুব দৃঢ়ভাৱে ক’লে—‘তোমাৰ বাবে সামান্য কিবা এটা আছিল।’

 নীলা পাৰ্ল খটোৱা সোণৰ মিহি আঙুঠি এটা শিশিৰৰ হাতৰ মাজত চিক্‌মিকাই উঠিল!

 ‘কিয়?’ অজন্তাৰ মাতটো কঁপিছিল।

 ‘অফিচৰ কামত গোৱালৈ গৈছিলো। দেখি তোমাৰ ভাল লাগিব বুলি ভাবি লৈ আনিলো।’ অজন্তাই কঁপা কঁপা হাতেৰে আঙুঠিটো হাত পাতি ল'লে। একো নক’লে।

 যাবৰ বাবে দুখোজ আগবঢ়াই পুনৰ উভতি আহিল শিশিৰ।

 ‘অজন্তা, আজি ১৫ জুন। দিনটোৰ বিশেষত্ব তুমি হয়তো পাহৰিলা বা পাহৰাৰ অভিনয় কৰিছা। এই দিনটোত তোমাৰ ওচৰলৈ অহাটো মোৰ বাবে জৰুৰী আছিল।

সম্ভৱতঃ ● ৮৭