পৃষ্ঠা:সম্ভৱতঃ.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰিচিভ কৰিয়েই অজন্তাৰ মুখখন পোহৰ হৈ গ’ল।

 ....‘অ’ ৰূপম... কেনে লাগিছে ফুৰি?’

 ‘...ওঁ। ভালে আছো মই।...নাই নাই একো অসুবিধা হোৱা নাই... অ’। মনিদীপাই খবৰ ৰাখিছে। ...কেনে লাগিছে সাগৰ?...। কেইটামান সুন্দৰ স্নেপ আনিবা মোৰ বাবে………।...অ’কে ... বাই...।’

 ‘ৰূপমৰ ফোন আছিল। উটিৰ পৰা কৰিছে।’ শিশিৰক উদ্দেশ্যি ক’লে অজন্তাই। হঠাতে অজন্তাৰ পোহৰ হৈ থকা মুখখনলৈ চাই শিশিৰৰ বুকুখন শূন্য হৈ গ’ল। সি অনুভৱ কৰিলে অজন্তাৰ ভাল লগা, বেয়া লগা, ভালে থকা নথকা আদিবোৰৰ পৰা বহু দূৰলৈ গুচি গৈছে সি। ক্ৰমশঃ যেন এইবোৰ আন কাৰোবাৰ দায়িত্বৰ ভিতৰুৱা হৈ পৰিছে! ৰূপমক ভালদৰে চিনি পায় শিশিৰে। মনিদীপাৰ কাজিন আৰু অজন্তাৰ সহপাঠী। এতিয়া ইউনিভাৰচিটিত কাম কৰে। বৰ সংগোপনে শিশিৰৰ বুকুৰ একোণত এটা জ্বলন অনুভূত হ’ল।

 তলমূৰকৈ খাবলৈ লোৱা অজন্তাও সামান্য অপ্ৰস্তুত হৈছিল। অলপ আগলৈকে হৃদয়ৰ কোনো এটা অৱচেতন কোণত সঁচাকৈয়ে এটা আশা আছিল— অন্ততঃ আজি শিশিৰ আহিব। সঁচাকৈয়ে আহিল শিশিৰ। কিন্তু, এবাৰৰ বাবেও শিশিৰে উল্লেখ কৰা নাই আজিৰ দিনটোৰ বিশেষত্বৰ কথা। অজন্তা বিমূঢ় হৈছে। তাই ধৰিব পৰা নাই আজিৰ দিনটোৰ লগত জড়িত স্মৃতিয়ে শিশিৰক টানি আনিছে নে এয়া নিতান্তই আকস্মিক— সাময়িক অথচ দৃঢ় এটা ইচ্ছা মাত্ৰ!

 ‘আজি জুনৰ ১৫ তাৰিখ শিশিৰ। দিনটো মনত আছেনে তোমাৰ?’ সুধিব খুজিলে অজন্তাই। কিন্তু, তাইৰ মুখৰ পৰা আন এটা প্ৰশ্নহে ওলাই আহিল, ‘তুমি কি সিদ্ধান্ত ল'লা?’ প্ৰশ্নটো বুজিবলৈ গৈ চৰচৰণি খালে শিশিৰে। অন্ততঃ আজিৰ দিনটোত সি এই বিষয়টোৰ পৰা আঁতৰি থাকিব বিচাৰিছিল। শিশিৰে ঘৰ এৰাৰ পিছতে আনুষ্ঠানিকভাৱে ডিভোৰ্ছ লোৱাৰ সিদ্ধান্তৰ বিষয়ে জনাইছিল অজন্তাই। কিন্তু, নিজেও নজনা কিবা এক কাৰণত বিষয়টোৰ পৰা আঁতৰি ফুৰিছিল শিশিৰ।

 ‘আমি যিহেতু পৰস্পৰৰ পৰা আঁতৰিয়েই আছো, অনৰ্থকভাৱে সম্পৰ্ক এটা ওলোমাই ৰখাৰ নিশ্চয় কোনো প্ৰয়োজন নাই।’ পুনৰ ক’লে অজন্তাই। এক দৃষ্টিৰে অজন্তাৰ মুখলৈ চালে শিশিৰে। তাইৰ ডাঠ কেঁকোৰা চুলিৰ তলত, শিৰত এতিয়াও জিলিকি আছে সেন্দূৰৰ এটা জান-নাজান দাগ।

 শিশিৰৰ এনে লাগিল অজন্তাই স্বাধীনতা বিচাৰিছে। স্মৃতিৰ পৰা। শিৰত আঁকি লোৱা সেন্দূৰৰ মিহি দাগটোৰ পৰা।

 ‘যদিহে আইনগতভাৱে বিচ্ছেদ নঘটাত তোমাৰ কিবা অসুবিধা হৈছে তেনেহ’লে নিশ্চয় সোনকালেই ডিভোৰ্ছৰ কামখিনি শেষ কৰিব লাগিব। তোমাৰ জীৱনটো নতুন ধৰণে গঢ় দিয়াত মোৰ লগত থকা সম্পৰ্ক অন্তৰায় হৈ পৰক –এয়া মই কেতিয়াও নিবিচাৰো।’ আহত কণ্ঠেৰে শিশিৰে ক’লে।

 মুহূৰ্তৰ বাবে কৌতুকত অজন্তাৰ চকু দুটা জ্বলি উঠিল... ‘আৰু তুমি? গায়ত্ৰীয়ে বাট চাই থকা নাই তোমাৰ বাবে? ডিভোৰ্ছৰ প্ৰয়োজন মোতকৈ তোমাৰ বেছি শিশিৰ।’

সম্ভৱতঃ ● ৮৬