পৃষ্ঠা:সম্ভৱতঃ.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

একে ডিপাৰ্টমেণ্টৰ বিষয়া গায়ত্ৰী বৰুৱাৰ লগত শিশিৰৰ ঘনিষ্ঠতা বাঢ়ি আহিছিল। আধুনিকা, চৌখিন আৰু তীক্ষ্ণ ব্যক্তিত্বৰ অধিকাৰী গায়ত্ৰী মাজে মাজে সিহঁতৰ ঘৰলৈও আহিছিল। অজন্তাই গম পাইছিল বিয়াৰ দুমাহৰ পিছতে গায়ত্ৰীৰ স্বামী ঢুকাইছে।

 এদিন তাই স্পষ্টকৈয়ে শিশিৰক সুধিছিল গায়ত্ৰীৰ লগত থকা তাৰ সম্পৰ্কৰ বিষয়ে।

‘যিবিলাক চিটুৱেশ্যনত তুমি মোক সংগ নিদিয়া, মই গায়ত্ৰীৰ ক’ম্পেনি এনজয় কৰো। আউটডেটড আদৰ্শ কিছুমান খামুচি ধৰি থাকি ‘ধৰ্মাত্মা’ হোৱাৰ প্ৰয়াস গায়ত্ৰীয়ে নকৰে। সময়ৰ লগত খোজ মিলাব পাৰে বাবেই গায়ত্ৰীক মোৰ ভাল লাগে।' শিশিৰে নিজৰ বে- পৰোৱা স্পষ্টবাদিতাৰে স্তব্ধ কৰি দিছিল অজন্তাক। ক্ৰমশঃ সিহঁতৰ মাজৰ ব্যৱধানে এনে পৰ্যায় পালেগৈ যে একেখন বিছনাতে অনাত্মীয় ব্যক্তিৰ সচেতনতাৰে সিহঁতে উজাগৰী নিশাবোৰ পাৰ কৰিবলৈ আৰম্ভ কৰিলে।

 ৰন্ধাৰ মাজতে এবাৰ বেডৰূমলৈ ভুমুকিয়াই চাই অজন্তাই দেখিলে মুখ-হাত ধুই বিছনাত দীঘল দিছে শিশিৰে। তাই উলিয়াই দিয়া কাপোৰ সাজ শিশিৰে পিন্ধা নাই। বুকুৰ ওপৰত সোঁহাতেৰে ধৰি আছে। তেতিয়া চকু দুটা মুদি আন এক ভাবনাত ডুব গৈছিল শিশিৰ৷ বিবাহৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত অজন্তাৰ দুগৰাকী বান্ধৱী, শিশিৰৰ দুজন ভায়েক, এজন সহকৰ্মী আৰু একেটা চৌহদতে থকা আন দুটা ভাৰাতীয়া পৰিয়াল উপস্থিত আছিল। কেক, লুচি, মটৰ, পনীৰ আৰু দুবিধ মিঠাইৰ অনুষ্টুপীয়া আয়োজন আৰু বিৰাট ৰং-তামাছাৰ মাজত পাৰ হৈ গৈছিল দিনটো। বৰ সুখী আছিল তেতিয়া সিহঁত।

 ইয়াৰ পিছৰ বিবাহ বাৰ্ষিকীটো উদ্যাপন কৰা হৈছিল কাছাৰী ঘাটৰ এখন ফ্ল’টিং ৰেষ্টুৰেণ্টত। অজন্তাৰ হাজাৰ আপত্তি সত্ত্বেও শিশিৰে সেই আয়োজন কৰিছিল। নাম নজনা কন্‌টিনেণ্টেল দিছৰ পয়োভৰ, শিশিৰৰ বছ, সহকৰ্মীৰ অভিজাত ভিৰৰ মাজত বন্ধ কোঠাত সোমাই থাকি উশাহ ল’ব নোৱাৰাৰ দৰে অৱস্থা হৈছিল অজন্তাৰ। একোণত অকলশৰে বহি ৰৈছিল তাই। সাংঘাতিক ধৰণে বিৰক্ত হৈছিল সেইদিনা শিশিৰ। অতি সাধাৰণ মিহি পটি দিয়া বগা পাটৰ কাপোৰ এযোৰ পিন্ধি পাৰ্টিলৈ আহিছিল অজন্তা। তাৰ আগ্ৰহক সম্পূৰ্ণৰূপে উপেক্ষা কৰিয়েই যেন তাই সকলোৰে পৰা আঁতৰি আছিল। আদৰ্শৰ অহংকাৰ! নে শিশিৰৰ প্ৰতি হেয় ধাৰণাৰ উদ্ধত প্ৰকাশ! এবাৰো অনুভৱ কৰাৰ চেষ্টা কৰা নাছিল অজন্তাই তাৰ পদোন্নতিৰ বাবে, ছ'চিয়েল ষ্টেটাছৰ ববে এই পাৰ্টিৰ গুৰুত্ব কিমান! বিদ্ৰোহী হৈ উঠিছিল শিশিৰ। অজন্তাৰ সমুখতে গায়ত্ৰীৰ কান্ধত মূৰ থৈ বিৰবিৰাইছিল— “গিভ মি ছেলটাৰ। প্লিজ।'

 ঠ-ন-ৰ কৈ কিবা এটা ভগাৰ শব্দত শিশিৰৰ তন্ময়তা ভাগি গ'ল৷ খৰধৰকৈ কিচ্চেনলৈ গৈ দেখিলে নিমখ থোৱা চিচাৰ বৈয়ামটো মাটিত পৰি ভাগি গৈছে। ভগা চিচাৰ টুকুৰাবোৰ বুটলিবলৈ লওঁতে অজন্তাৰ আঙুলি কাটি তেজ ওলাল। অজন্তাৰ হাতৰ ফালে হাতখন আগুৱাই নিও সংকুচিত কৰি আনিলে শিশিৰে। তাৰ পিছত পকাত পৰি থকা টুকুৰাবোৰ সামৰিব খুজিলে। ‘নালাগে নালাগে। তুমি উঠা মই কৰিম।' একধৰণৰ কাঠিন্য আছিল অজন্তাৰ কথাত। শিশিৰ উঠি বেডৰুমলৈ গ'ল আৰু টিভিটো অন কৰি এখন চেয়াৰত বহি পৰিল।

 ৰন্ধা শেষ হৈছিল। ডাইনিং টেবুলত প্লেট সজাই থাকোতে এটা ফোন আহিল। ফোনটো

সম্ভৱতঃ ● ৮৫