পৃষ্ঠা:সম্ভৱতঃ.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লোৱা। ম‍ই কিচ্চেনলৈ যাওঁ।'

 বেডৰূম সংলগ্ন বাথৰূমলৈ যাবলৈ শিশিৰৰ অলপ আপচোচ হৈছিল। অজন্তাই গডৰেজৰ ভিতৰৰ পৰা সযতনে ৰখা পলিথিনৰ পেকেট এটা উলিয়াই আনিলে।

 ‘তোমাৰ কাপোৰ। প্ৰয়োজন হলে চেঞ্জ কৰিব পাৰা।’

 বিছনাত পেকেটটো থৈ অজন্তা কিচ্ছেনলৈ গ'ল। পলিথিনৰ ভিতৰৰ পৰা এটা বগা হাফ ছাৰ্ট আৰু ক’লা পায়জামা উলিয়াই ল’লে শিশিৰে। সম্ভৱতঃ একেবাৰে ঘৰ এৰি যাবৰ সময়ত সি নিবলৈ পাহৰি গৈছিল।

 সযতনে ধুই ইস্ত্ৰি কৰি থোৱা কাপোৰ সাজ হাতত লৈ অলপ সময় ৰৈ থাকিল শিশিৰ। অজন্তাৰ হাতৰ মমতাৰ পৰশ আছে কাপোৰ সাজত।

 এসময়ত পুৱাৰ দৰে স্নিগ্ধ, এই মমতাময়ী অজন্তাজনী একেবাৰে নিজৰ আছিল শিশিৰৰ। স্বপ্নহীন আৰু হতাশগ্ৰস্ত সময়বোৰত প্ৰেৰণা আৰু ভালপোৱাৰে অজন্তাই আৱৰি ৰাখিছিল তাক। অথচ জীৱন যেতিয়া অৰ্থ আৰু ক্ষমতাৰে ভৰি গ'ল তেতিয়া কিমান ধূসৰ হৈ আহিল অজস্তা। আধুনিকতা আৰু স্বচ্ছল জীৱনৰ চাকচিক্যত কিমান আউটডেটেড, কিমান কমন হৈ পৰিল অজন্তা!

 বিয়াৰ পাঁচ মাহৰ পিছতে পি ডব্লিউ ডিৰ ইঞ্জিনীয়াৰৰ চাকৰিত জইন কৰিছিল শিশিৰে। মধ্যবিত্ত পৰিয়ালৰ অভাৱগ্ৰস্ততাৰ মাজত ডাঙৰ হোৱা শিশিৰে যেন চাকৰি নহয়; আলাউদ্দিনৰ চাকিটোহে পালে! সোঁৱে-বাঁৱে টকা ঘটি আধুনিক বিলাসী জগতখনত এড্‌জাষ্ট কৰিবলৈ তৎপৰ হৈ উঠিল শিশিৰ। সংঘাত আৰম্ভ হৈছিল ইয়াতেই। শিশিৰৰ দৃষ্টিত পুৰাতন আৰু ভেলুলেছ কিছু আদৰ্শক আকোৰগোঁজকৈ অজন্তাই খামুচি ধৰিলে। শিশিৰে বিশেষভাৱে অৰ্ডাৰ দি অনোৱা ইৰাণী চিফনৰ কাৰুকাৰ্য খচিত শাৰীখন অজন্তাই দলিয়াই পেলালে। সুৰাৰ বটল আৰু নোটৰ বাণ্ডিল লৈ ঘৰলৈ অহা ঠিকাদাৰক উলিয়াই পঠালে। ক্লাব আৰু পাৰ্টিত শিশিৰৰ সংগী হ’বলৈ দৃঢ়তাৰে অস্বীকাৰ কৰিলে।

 ফলত ক্লাব আৰু পাৰ্টিত বিদেশী পানীয় গলাধঃকৰণ কৰি আন কোনো নাৰীৰ লাহী কঁকালত হাত থৈ ডেন্স কৰিবলৈ আৰম্ভ কৰিলে শিশিৰে।

 ...লাহে লাহে অজন্তাৰ আদৰ্শ, প্ৰেম আৰু মমতাৰ আৱৰ্তৰ বাহিৰ হৈ গৈছিল শিশিৰ। এতিয়া অজন্তাৰ হাতৰ স্পৰ্শ থকা কাপোৰ সাজতে সি অনুভৱ কৰিলে হৃদয়ৰ সেই উত্তাপ— যি তাৰ জীৱনৰপৰা প্ৰত্যক্ষভাৱে মেলানি মাগিছে। শিশিৰৰ দুচকু ভৰি আহিল। সি বাথৰূমলৈ সোমাই গ'ল।

 আনহাতে, শিশিৰে ভাত খাব বুলি কোৱাত অলপ অস্বস্তিত পৰিল অজন্তা। এনে এটা পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে বুলি তাই একেবাৰে ভবা নাছিল। সেয়ে বজাৰো কৰা নাছিল।

 অৱশেষত, আলু-মটৰ-পনীৰৰ তৰকাৰী, বুটৰ দাইল আৰু ফ্ৰিজত থোৱা ইলিচ মাছৰ সৰিয়হ দিয়াৰে ৰাতিৰ সাজ ৰন্ধাৰ বাবে প্ৰস্তুত হ’ল অজন্তা।

 বিয়াৰ পিছত প্ৰথম কেইটামান মাহত পাকঘৰৰ কামত অজন্তাক সহায় কৰি দিয়াটো চখ আছিল শিশিৰৰ। ক্ৰমশঃ আদৰ্শ আৰু জীৱন-শৈলীৰ পাৰ্থক্যই সিঁহতক ইমান আঁতৰাই নিছিল যে একেখন ঘৰতে থাকিও কাচিৎহে একেলগে খাবৰ বাবে বহিছিল সিহঁত। সেই সময়তে

সম্ভৱতঃ ● ৮৪