পৃষ্ঠা:সম্ভৱতঃ.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

স্নেহ আৰু আশ্ৰয় নেওচা দি গুচি আহিছিল, তেৱেঁই অজন্তাক এৰি থৈ গুচি গ’ল এখন অনাত্মীয় পৃথিৱীত।

 বুকুৰ মাজত ওফন্দি আহিব ধৰা কান্দোন এটা জোৰকৈ চেপি ধৰি তাই খৰধৰকৈ কফি বনোৱাত লাগিল।

 এই মুহূৰ্তত তাই অতীতত হেৰাব বিচৰা নাই। মনত ৰাখিব খোজা নাই অনিশ্চিত ভৱিষ্যতক। মাথোঁ বৰ্তমানৰ মুখামুখি হ’ব বিচাৰিছে, সহৃদয়তাৰে।

 এডোখৰ চেণ্ডউইচ আৰু ভজা কাজু বাদামৰ প্লেটৰ সৈতে কফি কাপ আগ্ৰহেৰেই হাত পাতি ল’লে শিশিৰে।

 ‘বাসন্তী নাই?’

 ‘তাইৰ মাকৰ অসুখ। তিনিদিনৰ বাবে ঘৰলৈ গৈছে।

 আগতে অজন্তাই অকলে থাকিবলৈ ভয় কৰিছিল। ব্যস্ততা বাঢ়ি অহাত অজন্তাৰ ভয়ৰ প্ৰতি লক্ষ্য ৰাখিয়েই পাৰ্ট টাইম কাম কৰা মানুহজনীক বিদায় দি গাঁৱৰ পৰা বাসন্তীক আনি দিছিল শিশিৰে।

 ‘অকলে থাকিবলৈ ভয় নকৰা আজিকালি?’ প্ৰশ্নটো সুধি শিশিৰে বিব্ৰতবোধ কৰিলে।

 ‘নাই! নকৰো। সহজভাৱেই উত্তৰ দিলে অজন্তাই। ‘সমুখৰ ফ্লেটটোত এতিয়া মোৰ ক’লিগ মনিদীপাৰ ফেমিলি থাকে। তলৰ আণ্টিয়েও খবৰ লৈ থাকে।

 কফিৰ কাপত নীৰৱে চুমুক দিওঁতে অজন্তাৰ পিছফালে পিকাছোৰ পেইণ্টিং এখনত চকু পৰিল শিশিৰৰ। সেইখন আগতে নাছিল। হঠাতে নতুন খেল এটা উদ্ভাৱন কৰাৰ দৰে কোঠাটো তন্নতন্নকৈ পৰ্যবেক্ষণ কৰিবলৈ আৰম্ভ কৰিলে শিশিৰে। বহু কিছু একে আছে। কিছু সলনি হৈছে। যিদৰে মানুহ সলনি হয়। দিনে দিনে। মাহে মাহে। বছৰে বছৰে।

 দ্ৰয়িংৰূমত আগৰ মটিয়া ৰঙৰ কাৰ্পেটৰ ঠাইত এখন পাতল সেউজ ৰঙৰ কাৰ্পেট পৰা হৈছে। ৰাজস্থানী ষ্টাইলৰ বেতৰ চোফাৰ কাষতে এডাল ষ্টেণ্ডত এজোপা বনছাই কৰা কৰবী ফুলৰ গছ। কোঠাটোৰ এটা কোণত লাফিং বুদ্ধৰ এটা ষ্টেচু।

 গ্লাচেৰে আবৃত কিতাপ থোৱা ৰেকত আধ্যাত্মিকতা সম্পৰ্কীয় কেইখনমান নতুন কিতাপ।

 ‘কি চাইছা?’

 ‘একো নাই।'

 একোঠালী নিৰৱতা আৰু তাৰ মাজে মাজে টুকুৰা-টুকুৰ কথাৰ ভগ্নাংশ! পৰম অপৰিচিতৰ দৰে মুখামুখি হৈ বহি থাকিল এসময়ৰ অতি চিনাকি দুজন মানুহ।

 অজন্তাৰ অস্বস্তি লাগিছিল। তাই এনেয়ে সুধিলে— ‘অসুবিধা নহয় যদি ভাত খাই যোৱা৷ অৱশ্যে, যদি গায়ত্ৰীয়ে....

 সচেষ্ট হৈ উঠিল শিশিৰ। সি যেন অপেক্ষা কৰিছিল এনে এটা অনুৰোধৰ বাবেই।

 ‘মই ইয়ালৈ আহিম বুলি গায়ত্ৰীয়ে জানে। যদি তুমি খুৱাব বিচৰা, মই আনন্দেৰেই ভাত খাই যাম।’

 অপৰিচিতৰ আৱৰণৰ আঁৰত আগৰ সেই দুৰন্ত প্ৰেমিক, বে-পৰোৱা ল’ৰাজনক প্ৰত্যক্ষ কৰিলে অজন্তাই। তাই হাঁহি ক’লে— ‘তুমি মুখ-হাত ধুই ফ্ৰেচ হৈ ভিতৰতে অলপ ৰেষ্ট

সম্ভৱতঃ ● ৮৩