পৃষ্ঠা:সম্ভৱতঃ.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নকৰিলে খোজৰ গতি। বৰঞ্চ প্ৰচণ্ড প্ৰত্যয় আৰু অহংকাৰেৰে প্ৰকৃতিৰ প্ৰতি নিৰ্লিপ্তি প্ৰদৰ্শন কৰি তেওঁ ফ্লেটৰ বাৰাণ্ডাত ভৰি থ’লে।

 মুহূৰ্তৰ বাবে অজন্তা নিশ্চল হৈ গ'ল। আশা আৰু যন্ত্ৰণাৰ চাকনৈয়াত চূৰ্ণাকৃত হোৱা তাইৰ মনে সেই সময়তে খৰধৰকৈ কেইটামান ‘কেলকুলেশ্যন’ কৰি পেলালে। খিৰিকীখন বন্ধ কৰি তাই লাইটটো জ্বলাই দিলে।

 ‘সা ৰে গা মা...’ অজন্তাৰ মনোমত কলিংবেলৰ সাংগীতিক শব্দত কাৰোবাৰ উপস্থিতিৰ বতৰা। দুৱাৰ খুলি অজন্তাই দেখিলে সেই চিৰ পৰিচিত ভংগীৰে ৰৈ আছে শিশিৰ। ওখ, মেদহীন শৰীৰ। ওঁঠত জান-নাজান এটা হাঁহি। চকুত কিছু ঔদ্ধত্য, কিছু গভীৰতা।

 ‘আহা'।

 কোঠাটোলৈ সোমোৱাৰ আগে আগে পকেটৰ পৰা এখন ৰুমাল উলিয়াই মুখ-হাত মচিলে শিশিৰে৷ শিশিৰক বহিবলৈ দি ভিতৰৰ পৰা খৰধৰকৈ এখন টাৱেল আনি দিলে অজন্তাই।

 ‘ভালদৰে মূৰটো মচি লোৱা। বৰকৈ তিতিলা।’

 আকাশ নীলা টাৱেলখনেৰে মুখখন মচিবলৈ লৈ ৰৈ গ'ল শিশিৰ। কোন সুদূৰৰপৰা যেন শূন্যত ওপঙি আহিছে এটা কোমল, পৰিচিত গোন্ধ। হৃদয়ক পৱিত্ৰ কৰি তোলা, শৰীৰক নিষ্কলুষ কৰি তোলা এটা খুব আপোন আপোন গোন্ধ। অজন্তাৰ গাৰ গোন্ধ।

 ‘বিশেষ কাম এটাত এইফালে আহিছিলো। ভাবিলো তোমাক লগ কৰি যাওঁ। ইতস্ততঃবোধত শিশিৰৰ মাতটো মুকলিকৈ নোলাল। তাৰ সন্মুখত তলমূৰকৈ অজস্তা বহি আছে। আগতকৈ শেঁতা আৰু লেহুকা দেখাইছে অজন্তাক।

 ‘কেনে আছা?’ শিশিৰে সুধিলে। সামান্য হাঁহি মূৰটো লৰালে অজন্তাই। মুখত কোনো ভাব ফুটি নুঠিল। মুহূৰ্তৰ বাবে শিশিৰ বিৰক্ত হ’ল। চিৰদিনেই এনেকুৱা অভিব্যক্তিহীন অজন্তা। এই যে আজি এটা বিশেষ দিনত শিশিৰ আহিল ইয়াৰ বাবে এটা সুস্পষ্ট প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব নোৱাৰেনে অজন্তাই! অথচ এটা প্ৰতিক্ৰিয়া— আনন্দ, বিষাদ, প্ৰাপ্তি, অভিমান অথবা বিৰক্তিৰ— খুবেই আশা কৰিছিল সি।

 ‘কাম হ’ল?’ অজন্তাই সুধিলে। এটা উত্তাপহীন প্ৰশ্ন।

 সন্মতিসূচকভাৱে মূৰ দুপিয়ালে শিশিৰে।

 ‘তুমি বহা। মই কফি আনো।’ অজন্তা উঠি গ'ল। দ্ৰয়িংৰূমৰ পৰা বেডৰূম পাৰ হ’লেই কিচ্চেন। বেডৰুম আৰু কিচ্চেনক সংলগ্ন কৰি ৰখা দুৱাৰখনত আঁউজি অলপ দীঘলকৈ উশাহ ল’লে অজন্তাই। পাঁচ মাহৰ পাছত তাই মুখামুখি হৈছে শিশিৰৰ স’তে। তাইৰ মনৰ মাজত ইতিমধ্যে উত্তৰবিহীন হাজাৰটা প্ৰশ্নৰ অগাডেৱা আৰম্ভ হৈছে।

 কিমান স্বপ্ন আৰু আশাৰে সংপৃক্ত আছিল দুবছৰৰ পূৰ্বৰ আজিৰ দৰেই এটা বৰ্ষণমুখৰ দিন! সৰল, প্ৰাণোচ্চল যুৱক এজনৰ হাতত ধৰি তাই প্ৰথম ভৰি দিছিল এই ঘৰটোত। ইঞ্জিনীয়াৰিং পাছ কৰি বেকাৰ হৈ থকা শিশিৰৰ লগত কলেজ এখনত মূৰটো গুজিয়েই ক’ৰ্ট মেৰেজ কৰিছিল তাই। গোড়া ব্ৰাহ্মণ পৰিয়ালৰ ছোৱালী হৈও সুদিৰ যুৱকৰ লগত বিয়াত বহাৰ বাবে ঘৰৰপৰা অজন্তাক ত্যেজ্যপুত্ৰী কৰিছিল। অথচ, যাৰ বাবে তাই ওপজা ঘৰখনৰ

সম্ভৱতঃ ● ৮২