পৃষ্ঠা:সম্ভৱতঃ.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে


ক্ষণভংগুৰ



 কোমল বতাহ এজাকে পদুলিৰ কৃষ্ণচূড়া আৰু সোণাৰু ফুলৰ পাহিবোৰৰ লগত খেলি আছিল। দিনান্তত ধুসৰ হৈ আহিছিল পোহৰ আৰু কেইটামান জোনাকীয়ে দিনজোৰা আলস্যৰ অন্তত গাৰ চাকিবোৰ জ্বলাই লৈছিল। হঠাতে মৃদু বতাহজাকে প্ৰবল ধুমুহাৰ ৰূপ ল’লে— আন্দোলিত গছ পাতবোৰলৈ সঞ্চাৰিত হ’ল উদ্দাম-অস্থিৰ নাচোন। মুহূৰ্তৰ ভিতৰতে ৰহস্যময় সাজ পিন্ধি যেন অচিনাকি হৈ পৰিল সন্ধিয়াৰ পৃথিৱী।

 তচ্‌নচ্‌ হৈ পৰা কণমানি জোনাকী কেইটাৰ বাবে অজন্তাৰ বুকুখন গধুৰ হৈ পৰিল। খোলা খিৰিকীৰ কাষত বহিঃ বিশ্বৰ এই সশব্দ আলোড়নক প্ৰত্যক্ষ কৰি তাই বহি থাকিল, অকলশৰে!

 বতাহৰ এটা প্ৰচণ্ড ঢৌৱে অজন্তাক হাউলাই পেলালে। পানীৰ কিছুমান সূক্ষ্ম কণিকাই আঁচুৰি গ’ল তাইৰ মুখ, শাৰীৰ আঁচল। বতাহৰ খুন্দাত দেৱালত ওলোমাই থোৱা কেলেণ্ডাৰখন মাটিত পৰি গ’ল। অজন্তাই তুলি ল’লে। ৰঙা চিয়াঁহীৰ দাগৰ মাজত উজ্জ্বল হৈ জিলিকিছে এটা তাৰিখ— ‘১৫ জুন’। অজন্তাই শাৰীৰ আঁচলেৰে কেলেণ্ডাৰখন মচিলে আৰু পূৰ্বৰ ঠাইত ওলোমাই থ’লে। আচলতে উজ্জ্বল ৰঙাৰ মাজত জিলিকি থকা সেই তাৰিখটোৱেই ‘আজি’৷ সেয়েহে মহানগৰীৰ প্ৰান্তীয় এলেকাৰ দুকোঠলীয়া ফ্লেটটোত অজন্তাই অকলশৰে যাপন কৰিব বিচাৰিছে নিজক। হৃদয়ৰ একোণত সংগোপনে সাৰ পাই উঠা বিষাদ আৰু একাকীত্বক।

 ঘণীভূত হৈ আহিছিল এন্ধাৰ। বতাহৰ প্ৰাবল্য কিছু কমিছিল। বৰষুণৰ ডাঠ, দীঘলীয়া টোপালবোৰ বিজুলীৰ পোহৰত চিক্‌মিকাই উঠিছিল। দুমহলাত থকা নিজৰ কোঠাৰ খিৰিকীখনেৰে পদুলিত কৃত্ৰিম পোহৰৰ এটা চমকা দেখা পালে অজন্তাই। দীঘল ৰাস্তাটোৰ ওপৰত ছেদেলি-ভেদেলি হৈ পৰি থকা সোণাৰু আৰু কৃষ্ণচূড়াৰ পাহিবোৰৰ ওপৰত পাতল পোহৰৰ চমকাটো ক্ৰমশঃ উজ্জ্বল হৈ পৰিলহি। এখন গাড়ী থামিল পদুলিত আৰু গাড়ীৰ পৰা নামি এটা ওখ, ঋজু অবয়ব সিহঁতৰ ফ্লেটৰ ফালেই আগবাঢ়িল। বৰষুণৰ

তীব্ৰতাক প্ৰত্যাহ্বান জনায়ে যেন আগন্তুকে সামান্যও শ্লথ
সম্ভৱতঃ ● ৮১