পৃষ্ঠা:সম্ভৱতঃ.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাৰাণ্ডাৰ একোণত থুপ খাইছেহি। চোতালত মৃদু বতাহ আৰু জোনাকৰ নিঃশব্দ কোলাকুলি। বনৰীয়া ফুলৰ সুঘ্ৰাণ উটি আহিছে বতাহত। গায়ত্ৰীৰ কোঠাৰ পৰা উটি আহিছে আদিত্যৰ অস্ফুট হাঁহিৰ শব্দ। এই সকলোবোৰে জড় কৰি পেলোৱাৰ উপক্ৰম কৰিছে মোক। কি আছে সেই কোঠাৰ ভিতৰত। অবিন্যস্ত দুটি পুৰুষ-নাৰীৰ আদিম নিবিড়তা! পৰস্পৰত মগ্ন হৈ পৰা নিভৃত উশাহ!

 শ্লীলতাৰ গণ্ডীৰ বাহিৰৰ এটি দৃশ্যৰ মুখামুখি হ’ব পৰাকৈ নিজকে প্ৰস্তুত কৰি মই হেন্দেলত ধৰি ঘপকৈ দুৱাৰখন টানি দিলো। আৰু মোক আচৰিত কৰি মোৰ সমুখত প্ৰতিভাত হ’ল, মোৰ হৃদয়ত অপূৰ্ব ভাস্কৰ্যৰ দৰে খোদিত হৈ গ’ল সেই পৱিত্ৰতম দৃশ্য—অংশুক কোলাত লৈ চোফাত বহি খেলি আছে আদিত্যই। সেই খেলাত নিষ্কলুয আনন্দেৰে যোগ দিছে ফুলে আৰু ডিভানৰ একোণত বগা কাপোৰেৰে সৰ্বশৰীৰ ঢাকি মৌন হৈ বহি আছে গায়ত্ৰী।❐ ❐

সম্ভৱতঃ ● ৮০