পৃষ্ঠা:সম্ভৱতঃ.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কাম কৰা ছোৱালী ফুলৰ লগত অংশুক থৈ গায়ত্ৰী কলেজলৈ যায়। অংশু মোৰ লগত থাকে। ‘মা’ৰ লগতে সি ‘আকল’, ‘আত্‌তি’ ক’বলৈ শিকিছে। অংশুৰ হাঁহি, কান্দোন, অংশুৱে দলিয়াই দিয়া কাঁচৰ গিলাচ, ফুলদানি ভগাৰ ‘ঝনক’ ‘ঝনক’ শব্দ সকলো মোৰ আপোন হৈ পৰিছে। আনকি সি যেতিয়া শুই পৰে তাৰ নিমিলিত চকুৰ পতা, নিষ্পাপ মুখৰ তৃপ্তিৰ ভংগিমা, তাৰ ওঁঠ, হাতৰ পৰাও এক ধৰণৰ অদৃশ্য শব্দৰ গুণগুণনি প্ৰসাৰিত হয়। মই ভৰি উঠো। শূন্য কোঠালি কি এক অপূৰ্ব শব্দময়তাৰে উপচি পৰে।

 মোৰ চৌপাশৰ নৈঃশব্দ্য ক্ৰমশঃ গলিব ধৰে। ভয়ংকৰভাৱে উদাস হৈ পৰা মোৰ সময়বোৰত হেঁপাহ আৰু ব্যস্ততাৰ এটা খল্‌মলনি আৰম্ভ হয়। ৰাতি পলমকৈ ঘৰ সোমোৱা আদিত্যকো সম্ভৱতঃ স্পৰ্শ কৰি যায় ঘৰৰ চৌহদত বাজি থকা সুখী শব্দবোৰৰ দ্যোতনাই...। ষ্টেৰিঅ’, টিভিৰ পৰা ধূলিৰ চামনি আঁতৰি থাকে, যিদৰে হৃদয়ৰ পৰা আঁতৰিব ধৰে স্মৃতি আৰু হু হু হাহাকাৰৰ তৰপ। নিদ্ৰাৰ বড়িবোৰ মই একাষৰীয়া কৰি থৈ যাওঁ।

 ...আৰু এদিন নিশা পুনৰ মোৰ বাবে শব্দময় পৃথিৱীখন ধূসৰ হৈ পৰে। মোৰ কাষত শুই থকা আদিত্য নীৰৱেই বিছনাৰ পৰা উঠে, দুৱাৰ খুলি ওলাই যায়। গায়ত্ৰীৰ কোঠাৰ দুৱাৰ খোলাৰ আৰু পুনৰ বন্ধ কৰাৰ শব্দ হয়। অপেক্ষাৰ দুঃসহ ক্ষণবোৰৰ অন্ত পেলাই এসময়ত আদিত্য উভতি আহে আৰু মোৰ কাষত নীৰৱে শুই পৰে।

 পুৱা বহুপৰ মই নিদ্ৰিত আদিত্যৰ মুখৰফালে চাই ৰওঁ। নিষ্কলুষ। উজ্জ্বল। “হিয়া’ যোৱাৰ পাছত তেওঁৰ মুখ ঢাকি ৰখা বিষাদৰ ডাৱৰ এতিয়া আঁতৰি গৈছে। আদিত্যক মই একো নক’লো। কোনো অনাকাংক্ষিত পাতনিৰে তেওঁৰ মুখৰ সুখী ৰেখাবোৰ বিকৃত কৰি দিবৰ ইচ্ছা মোৰ নগ’ল। সৰ্বোপৰি প্ৰত্যুষ-সায়াহ্নত অংশুৰ সান্নিধ্য তেতিয়ালৈ মোৰ বাবে অপৰিহাৰ্য হৈ পৰিছে।

 এটা মাহত পুনৰ দুৰাতি একেই ঘটনাৰ পুনৰাবৃত্তি ঘটিল। মোৰ কাষৰ পৰা উঠি যোৱা আদিত্যৰ সন্তৰ্পণ খোজবোৰৰ লগে লগে মোৰ পাৰিপাৰ্শ্বিকতাৰ পৰা সমস্ত চিনাকি শব্দ আঁতৰি গৈ থাকিল।

 মোৰ কাষৰ পৰা তেওঁৰ শ্বাস-প্ৰশ্বাসৰ শব্দ, হৃদস্পন্দনৰ শব্দ তুলি লৈ আদিত্য গায়ত্ৰীৰ ওচৰলৈ যায়। নৈঃশব্দ্যত ডুবি ডুবি মই ব্যাকুল হৈ অপেক্ষা কৰো তেওঁৰ বাবে। এসময়ত তেওঁ আহে। মোৰ কাষত শুই পৰে। তেওঁৰ নিশ্বাস, বুকুৰ স্পন্দনৰ শব্দ অহৰহ বতাহত বাজি থাকে। কিন্তু, এই শব্দই জোকাৰি পেলাব নোৱাৰে মোৰ সৰ্বত্ৰ শিপাই ৰোৱা নিস্তব্ধতা। নিঃসাৰ হৈ মই পৰি ৰওঁ পাৰাপাৰহীন সেই কঠিন নৈঃশব্দ্যত, অকলশৰে।

 এয়া অলপ আগতে আদিত্য উঠি গৈছে। গভীৰ হৈ আহিছে নৈঃশব্দ্য। কিছু জয়াল। উৎকৰ্ণ হৈ মই অপেক্ষা কৰিছো মোৰ ফালে আগবাঢ়ি অহা এটি শব্দৰ বাবে। কিন্তু নাই। প্ৰতীক্ষাৰ দুঃসহ সময়বোৰ অতিক্ৰম কৰি কোনো শব্দই আগবাঢ়ি অহা নাই। ডিমলাইটৰ ঈষৎ নীলা পোহৰত পাকঘূৰণি খাই খাই বিস্তাৰিত হৈছে নৈঃশব্দ্যৰ ছাঁ আৰু মই ডুব গৈছো। কোঠাটোৰ সকলো আচবাব, দেৱালৰ পেইণ্টিঙৰ ওপৰত উফৰি পৰিছে সেই প্ৰাচীন, শোকাকুল স্তব্ধতা। মই থিয় হ’লো। এই নৈঃশব্দ্যৰ পৰা মই মোক বচাব লাগিব। খেপিয়াই খেপিয়াই

মই দুৱাৰখনৰ ফালে আগবাঢ়িলো। গায়ত্ৰীৰ কোঠাৰ ভেণ্টিলেটৰেদি এচমকা পোহৰ আহি

সম্ভৱতঃ ● ৭৯